ETV Bharat / state

বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য - সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে সদায় কাম কৰি যাম বলি উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই ৷

Samjjal Bhattacharya attend baksa district  aasu annual conference
বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য
author img

By

Published : Nov 14, 2020, 3:26 PM IST

বৰমা, 14 নৱেম্বৰ: আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য শুকুৰবাৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশনত অংশ গ্ৰহণ কৰে ৷ আছুৰ বাক্সা জিলাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত এখন স্মৰণিকাও উন্মোচন কৰা হয় ৷ স্মৰণিকাখন উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাই ৷ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ যোগেন চন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ লয় ৷

বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জল ভট্টাচাৰ্যই সাংবাদিকক কয় যে, অসমৰ খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যোৱাটোৱে মোৰ কাম ৷ দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে মই সদায় কাম কৰি যাম ৷ আছু আছু হৈয়ে থাকিব ৷ নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবই লাগিব ৷ এইটো ৰাইজে বিচৰা কথা ৷ বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল চব মিছা ৷ নিৰ্বাচনৰ আগত দলটোৱে কৈছিল, বিদেশী নাগৰিকে টালি টোপোলা বান্ধি যাব লাগিব ৷ এতিয়া কৈছে টালি টোপোলা বান্ধি আহিব লাগিব ৷ অসম চুক্তিক উলংঘা কৰি "কা" আমাৰ ওপৰত জাপি দিছে ৷ খিলঞ্জীয়া বিৰোধী, অসম চুক্তিক উলংঘনকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক বিল এখন আমাৰ ওপৰত জাপি দিছে ৷ এই বিষয় কেতিয়াও মানি ল’ব পৰা কথা নহয় ৷ চৰকাৰৰ কথা আৰু কামৰ মাজত বৃহৎ পাৰ্থক্য ৷ চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি উচ্চস্তৰীয় কমিটিয়ে চুক্তি কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ গৃহমন্ত্ৰীয়ে প্ৰতিবেদনৰ দাড়ি কমাসহকাৰে কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ কিন্তু নকৰিলে ৷ ৰক্ষা কৱচ আমাৰ বাবে প্ৰাপ্য ৷

Samjjal Bhattacharya attend baksa district aasu annual conference
বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

আনহাতে শিক্ষাৰ সন্দৰ্ভত ড0 ভট্টাচাৰ্য্যই কয় যে, যেতিয়ালৈকে প্ৰাথমিক শিক্ষাৰ ভেঁটি সুদৃঢ় নহয় তেতিয়ালৈকে শিক্ষাৰ ভেঁটি দৃঢ় নহ’ব ৷ চৰকাৰে শিক্ষাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ অসমীয়া ভাষা অসমৰ মুল ভাষা হোৱাৰ লগতে বড়ো, কাৰ্বি, ৰাভা এইবোৰ সহযোগী ভাষাৰ স্বীকৃতি দিব লাগিব বুলি কয় ভট্টাচাৰ্য্যই ৷

লগতে পঢ়ক: সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.