ETV Bharat / state

যুৱ সমাজৰ পৰামৰ্শ গ্ৰহণ অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ - agp

ভৱানীপুৰ বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত ডেকাই বাক্সাৰ সাউদৰ ভিঠা, হুদুখাটা, শালবাৰী, আওঁহাটাকে ধৰি প্ৰায় কেইবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় । গ্ৰামাঞ্চলৰ যুৱ সমাজৰ লগত মত বিনিময় কৰি নিৰ্বাচনৰ ৰণকৌশল সম্পর্কে আলোচনা কৰে ডেকাই ।

ranjit deka
ভৱানীপুৰত যুৱ সমাজৰ পৰা মন্ত্ৰণা ল'লে অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই
author img

By

Published : Mar 14, 2021, 4:00 PM IST

Updated : Mar 14, 2021, 6:21 PM IST

বাক্সা,১৪ মাৰ্চ: অসম বিধানসভাৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভৱানীপুৰ বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত ডেকাই বাক্সাৰ সাউদৰ ভিঠা, হুদুখাটা, শালবাৰী, আওঁহাটাকে ধৰি প্ৰায় কেইবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় । গ্ৰামাঞ্চলৰ যুৱ সমাজৰ লগত মত বিনিময় কৰি নিৰ্বাচনী ৰণকৌশল সম্পর্কে আলোচনা কৰে ডেকাই ।

এআইইউডিএফ-ৰ দখলত থকা ভৱানীপুৰ বিধানসভা সমষ্টি এইবাৰ মিত্ৰজোঁটৰ দখললৈ আহিব বুলি মত প্ৰকাশ কৰে ৰঞ্জিত ডেকাই ৷ লগতে তেওঁ কয়, অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰথম গৰাকী শ্বহীদ এই ভৱানীপুৰতেই হৈছিল । শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত নিৰ্মিত অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰে ডেকাই ৷

যুৱ সমাজৰ পৰামৰ্শ গ্ৰহণ অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ

"ছাত্র অৱস্থাৰ পৰাই নিবিড়ভাৱে ৰাজনৈতিক সামাজিক কামত জড়িত হৈ আহিছো আৰু এতিয়া অসম গণ পৰিষদ দলৰ জৰিয়তে এই সমষ্টিৰ ৰাইজক সেৱা কৰিবলৈ পাই সন্তুষ্টি লাভ কৰিছো । অগপৰ লক্ষ্য এই অঞ্চলত উন্নয়ন সাধন কৰা"-অঞ্চলটোৰ যুৱ সমাজৰ লগত মত বিনিময় কৰাৰ পাচতে সাংবাদিকৰ আগত ৰঞ্জিত ডেকাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

Last Updated : Mar 14, 2021, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.