ৰঙিয়া, 23 অক্টোবৰঃ ৰঙিয়াত ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি ল’লে এজন লোকে ৷ মাত্ৰ ৪০ হাজাৰ টকাৰ ঋণৰ বাবেই আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰঙিয়াৰ দহৰাৰ নাৰায়ণ দাস নামৰ লোকজনে ৷ উল্লেখ্য যে,নাৰায়ণ দাসৰ পত্নীয়ে জনলক্ষ্মী ফাইনেঞ্চিয়েল চাৰ্ভিছেচ লিমিটেডৰ পৰা 40 হাজাৰ টকাৰ ঋণ লৈছিল ৷ কিন্তু, সময়মতে ঋণ পৰিশোধ কৰিব পৰা নাছিল আৰ্থিক দীনতাৰে পিষ্ট পৰিয়ালটোৱে ৷ যাৰ বাবে জনলক্ষ্মী ফাইনেঞ্চিয়েলৰ বিষয়া-কৰ্মচাৰীয়ে পৰিয়ালটোক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ তুলিছে নাৰায়ণ দাসৰ পত্নীয়ে ৷ বেংকটোৰ এনেধৰণৰ ভয়-ভাবুকিৰ বাবে নাৰায়ণে বুধবাৰে পুৱতি নিশা আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাচি লোৱা বুলি পত্নীয়ে ব্যক্ত কৰে ৷
নাৰায়ণ দাসে ঘৰৰ সন্মুখতে এখন পাণ দোকান দি পত্নী আৰু তিনিটা পুত্ৰ সন্তানৰ সৈতে কোনোমতে পৰিয়াল পোহ-পাল দি আহিছিল ৷ কেইমাহমান ঋণৰ কিস্তি পৰিশোধ কৰি আহিছিল যদিও শেহতীয়াভাৱে আৰ্থিক দুৰৱস্থাৰ বাবে ঋণৰ কিস্তি দিব পৰা নাছিল পৰিয়ালটোৱে। ইয়াৰ বাবেই বেংকৰ বিষয়া কৰ্মচাৰীয়ে নাৰায়ণৰ পৰিয়ালটোক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদৰ্শন কৰিছিল। এইলৈ চিন্তিত আৰু লজ্জিত হৈ নাৰায়ণে আত্মহননৰ দৰে চৰম পথ বাচি লোৱা বুলি পত্নীয়ে অভিযোগ কৰে।
লগতে চাওকঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা দিলীপ ৰঞ্জন দত্তই সামৰিলে জীৱন নাট