বাক্সা, 28 ছেপ্টেম্বৰ : বি টি চি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাক্সা জিলাৰ তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শুকুৰবাৰে সন্ধিয়া তামুলপুৰ মহকুমাৰ 28 নং গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা এন চি এল এ হিচাপে নিৰ্বাচিত হৈ বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দেবেন বড়োৰ কাৰ্যবাহী পদ খাৰিজ কৰা হয় ৷ ইয়াৰ পাছতে শুকুৰবাৰে সন্ধিয়া গয়বাৰী ব্লক বি পি এফৰ নেতা - কৰ্মীসকলে বি টি চি প্ৰধান তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাগ্ৰামা মহিলাৰী মূর্দাবাদ, মহিলাৰীৰ হিটলাৰী শাসন নচলিব, দেবেন বড়ো জিন্দাবাদ আদি বিভিন্ন ধ্বনিৰে আকাশ - বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷
উল্লেখ্য যে, বিগত বি টি চি পৰিষদীয় নিৰ্বাচনত সৰ্ববৃহৎ ভোটৰ ব্যৱধানত বি টি চিৰ এম চি এল এ হিচাপে নিৰ্বাচিত হৈছিল দেৱেন বড়ো । কিন্তু পদটো বৃহস্পতিবাৰে খাৰিজ হোৱাৰ পাছতে শুকুৰবাৰে গয়বাৰী ব্লক বি পি এফ, যুৱ বি পি এফ, বি পি এফৰ সংখ্যালঘু কোষ, মহিলা বি পি এফৰ প্ৰায় 30 জনীয়া সঁজাতি দলে এই সম্পৰ্কত প্ৰশ্ন উত্থাপনৰ বাবে শালবাৰীত উপস্থিত হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ কিন্তু সঁজাতি দলটোৰ কথাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰি মহিলাৰীয়ে তেওঁলোকক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পৰিৱৰ্তে বি টি চি প্ৰধানগৰাকীয়ে মোবাইল ফোনেৰে নেতা কৰ্মীসকলৰ ফটো তুলি তেওঁলোকৰ ফ'টো আলোচনীত প্ৰকাশ কৰিব বুলি তুচ্ছ - তাচ্ছিল্য কৰে । বি পি এফৰ নেতা কৰ্মীসকলে অভিযোগ কৰা অনুসৰি, দেবেন বড়োৰ হৈ অহাসকলে দলত থাকিব নালাগে বুলি কোৱাত জন্ম লগ্নৰে পৰা দলটোৰ হৈ কাম কৰি অহা লোকসকলে চৰম লজ্জা আৰু অপমানবোধ কৰে । শুকুৰবাৰে সন্ধিয়া তামুলপুৰত গয়বাৰী ব্লক বি পি এফৰ নেতা কৰ্মীসকলে এক আলোচনাত মিলিত হয় আৰু মহিলাৰীৰ অপমানত ক্ষুণ্ণ হৈ গয়বাৰী ব্লক বি পি এফ এফৰ কাৰ্যকৰী সভাপতি সহ 7 গৰাকীকৈ উপ সভাপতিয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
গয়বাৰী মহিলা ব্লকৰ সভানেত্ৰী অনিতা কলিতাইও অভিযোগ কৰে যে, মহিলাৰীয়ে তামুলপুৰৰ বি পি এফ নেতা কৰ্মীসকলক চিৰিয়াখনৰ জীৱ - জন্তুৰ দৰে ব্যৱহাৰ কৰি ফ'টো তোলা কাৰ্য গৰিহণাৰ যোগ্য । বি পি এফৰ একনিষ্ঠ দলীয় কৰ্মী হিচাপে আলোচনা কৰিবলৈহে মহিলাৰীৰ ওচৰলৈ গৈছিল যদিও এনে দুৰ্ব্যৱহাৰ আশা কৰা নাছিল বুলি মন্তব্য কৰে অনিতা কলিতাই । ইতিমধ্যে কাৰ্যবাহী সদস্য পদ খাৰিজ হোৱা দেবেন বড়োয়ে মন্তব্য কৰে যে, হাগ্ৰামা মহিলাৰীৰ সৈতে তেওঁ 25 ছেপ্টেম্বৰত এখন সভাত উপস্থিত আছিল যদিও সেই সম্পৰ্কে কোনো কথা অৱগত কৰা নাছিল । কালি সন্ধিয়াহে এই সম্পৰ্কত অৱগত হয় বড়ো । এই ক্ষেত্ৰত একো অৱগত নকৰাকৈ কিয় বৰ্খাস্ত কৰা হ'ল সেয়া বৰ্তমানেও জানিব পৰা নাই বুলি মন্তব্য কৰে দেবেন বড়োয়ে । এই কাৰ্যই তেওঁক অপমান কৰাই নহয়, গয়বাৰী বি টি চি পৰিষদীয় সমষ্টিৰ সমূহ ভোটাৰ ৰাইজক অপমান কৰিছে বুলি মন্তব্য কৰে দেবেন বড়োয়ে ৷ এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীক পুনৰ বিবেচনা কৰি চাবলৈ আহ্বান জনাই বড়োৱে ৷