ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে তামুলপুৰ প্ৰেছ ক্লাবৰ প্ৰতিবাদ

author img

By

Published : Apr 30, 2020, 3:59 PM IST

ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ শেহতীয়াকৈ বাক্সা জিলাত কৰ্তব্যৰত দুগৰাকী সাংবাদিক নিৰ্যাতনৰ সন্মুখীন হয় ৷ সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত তামুলপুৰ প্ৰেছ ক্লাবে বৃহস্পতিবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

Protest at tamulpur press club due to attack of reporter
সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ

বাক্সা,30 এপ্ৰিলঃ শেহতীয়াভাকৈ বাক্সা জিলাত দুগৰাকী সাংবাদিক আৰু বাতৰি কাকত বিতৰকক কৰ্তব্যৰত অৱস্থাত আৰক্ষী আৰু বিএছএফৰ জোৱানে শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাত বৰ্তমান সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিগত ২৫ এপ্ৰিলত সাংবাদিক দিলীপ কুমাৰ বড়োক বিএছএফ জোৱানে বৰমাত বাতৰি সংগ্ৰহ কৰি থকা সময়ত লাঠীৰে কোবাই আহত কৰিছিল ৷ পৰৱৰ্তী ২৮ এপ্ৰিলত এখন বাতৰি কাকত আৰু এটা ৱেব প’ৰ্টেলৰ সাংবাদিকক বাতৰি সংগ্ৰহ কৰি ঘৰলৈ উভটি অহাৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰে । লগতে দুগৰাকী বাতৰি বিতৰককো শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰক্ষীয়ে ৷ এই ঘটনাৰ প্ৰতিবাদত জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ প্ৰেছ ক্লাবৰ সদস্যসকলে সামাজিক দূৰত্ব বজাই ৰাখি ক’লা বেজ পৰিধানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ

ক্লাবটোৰ সম্পাদক ৰজনী বৰ্মনে কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ লগতে সভাপতি খগেন বৈশ্যই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা আক্ৰমণ কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰে ৷ সাংবাদিকৰ ওপৰত চলোৱা এই আক্ৰমণৰ ঘটনাৰ গৰিহণা দি বৈশ্যই উচিত তদন্তৰ দাবী কৰি সাংবাদিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় । উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰেছ ক্লাৱটোৰ উপ-সভাপতি চক্ৰেশ্বৰ ডেকাকে ধৰি অন্যান্য সাংবাদিকসকল ৷ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ তামুলপুৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃ লক ডাউনৰ মাজত "ইটিভি ভাৰত অসম"ৰ সংবাদকৰ্মীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.