বাক্সা,17মেঃ পথত নহয় যেন খেতি পথাৰ হে এজাক বৰষুণতে পথৰ মাজত সৃষ্টি হয় বানপানী সদৃশ পৰিস্থিতিৰ ৷ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সত্যনাৰায়ণপুৰ গাঁওৰ বাসীন্দাই জিয়াতু ভোগিব লগীয়া হৈছে ৷ জৰুৰীকালীন সময়ছোৱাত এম্বুলেন্স আহিব নোৱাৰে গাওঁখনলৈ ।

গাওঁখনৰ মুখ্য পথত আছে এটা কাল্ভাৰ আৰু পিছফালে এটা কাল্ভাৰ দুয়োটাই বৰ্তমানে উন্মুক্ত অৱস্থাত ভাঙি থকা দেখিবলৈ পোৱা গৈছে যাৰফলত কোনোবা অচিনাকি ব্যক্তি গাওঁখন চাইকেল অথবা বাইক আৰোহি আহিলে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাই অধিক হৈ পৰিছে । বাৰিষাৰ সময়ত গাঁৱৰ মাজত থকা বিদ্যালয় খনলৈ আহিবলৈও ছাত্ৰ ছাত্ৰী সকলকৰ বহু অসুবিধাৰ সন্মুখীন হব লগীয়া হয় বুলি জানিবলৈ দিয়ে স্থানীয় মহিলা সকলে ।
বহু বাৰ বিভাগীয় ভাৱে কাম কৰা হৈছিল যদিও বালিচহীয়া মাটি দিয়া বাবে বাৰিষাৰ আহিলে সকলো উটুৱাই নিয়ে আৰু সমগ্ৰ গাঁও খনতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বুলি স্থানীয় মহিলা সকলে উল্লেখ কৰে ৷এতিয়া বিভাগ কৰ্তৃপক্ষ্যক অতিশিঘ্ৰেই ৰাস্তা আৰু দুয়োটা কাল্ভাৰ মেৰামতি কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে স্থানীয় মহিলা সকলে ৷
লগতে পঢ়কঃ কামপুৰত পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ কৃষক