ETV Bharat / state

তিনিবছৰ ধৰি অসম্পূৰ্ণ এখন দলং ! - অময়াপুৰ-মুছলপুৰ সংযোগী পথ

বাক্সা জিলাৰ অময়াপুৰ-মুছলপুৰ সংযোগী পথত তিনিবছৰ ধৰি দলং সম্পূৰ্ণ নোহোৱাত বিপদসংকুলভাৱে যাত্ৰা ৰাইজৰ ।

তিনিবছৰ ধৰি অসম্পূৰ্ণ এখন দলং !
তিনিবছৰ ধৰি অসম্পূৰ্ণ এখন দলং !
author img

By

Published : May 27, 2020, 6:14 PM IST

বাক্সা, 27 মে' : ভূটান পাহাৰৰ পৰা নামি অহা পানীয়ে বিগত কিছুদিনৰ পৰা বাক্সা জিলাত তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ সমান্তৰালকৈ জিলাখনৰ এখন দলঙে জীয়াতু ভোগাইছে বৃহত্তৰ বাক্সাবাসী ৰাইজক ৷ বিগত তিনিবছৰ ধৰি নিৰ্মাণ সম্পূৰ্ণ নোহোৱা দলংখনৰ লগতে ভূটান পাহাৰৰ পৰা নামি অহা অতিৰিক্ত পানীয়ে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

তিনিবছৰ ধৰি অসম্পূৰ্ণ এখন দলং !

জিলাখনৰ বাক্সাৰ তামুলপুৰ-অময়াপুৰ-মুছলপুৰ সংযোগী পথত থকা এখন দলং আৰু এটা কালভাৰ্ট ভাঙি পৰাৰ ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰে । উক্ত পথটোৰ ডিমেলা নদীৰ এখন নতুনকৈ পকী দলং নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰৰ হেমাহিৰ বাবে বিগত তিনি বছৰে দলংখন নিৰ্মাণ হৈ উঠা নাই । পকী দলংখন নিৰ্মাণ কৰাৰ বাবে এখন কাঠৰ দলঙেৰে যাতায়তৰ সুবিধা কৰি দিছিল যদিও কাঠৰ দলংখনো যোৱা নিশা হোৱা নেৰাৰেপেৰা বৰষুণত খহি পৰাত বিপদসংকুলভাৱে ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে ৷ গাঁৱখনৰ পশ্চিম অময়াপুৰলৈ যোৱা কালভাৰ্টটো ভাঙি পৰাৰ ফলত বৃহত্তৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত বহুটো অসুবিধাৰ সন্মুখীন হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.