ETV Bharat / state

বাক্সাত গাঠিৰ ধন খৰচ কৰি দলং নিৰ্মাণ ৰাইজৰ

বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ ৰাইজে সোমবাৰে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন দলং ৷ জিলাখনৰ গলবিল-আঠিয়াবাৰী গড়কাপ্তানি পথ সংযোগী উলুবাৰীত চঞ্চলা নৈৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় নিশ্চিহ্ন হৈ গৈছিল ৷

বাক্সাত গাঠিৰ ধন খৰচ কৰি দলং নিৰ্মাণ ৰাইজৰ
author img

By

Published : May 20, 2019, 8:52 PM IST

বাক্সা, 20 মে': হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন স্বৰূপ ৷ মডেল বিটিচিৰ কোনো এখন আঁচনিয়ে ঢুকি নোপোৱাত হাতে-কামে লাগিল ৰাইজ ৷ নিজৰ গাঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে দলং ৷ বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ ৰাইজে সোমবাৰে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন দলং ৷ উল্লেখ্য যে, জিলাখনৰ গলবিল-আঠিয়াবাৰী গড়কাপ্তানি পথ সংযোগী উলুবাৰীত চঞ্চলা নৈৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় নিশ্চিহ্ন হৈ গৈছিল ৷ প্ৰায় পাঁচখন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰাইজে যাতায়ত কৰা পথটোৰ দলংখন নিৰ্মাণৰ বাবে ৰাইজে বিটিচি তথা ৰাজ্য চৰকাৰক কেইবাবাৰো আবেদন কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ফলত যাতায়তৰ সমস্যাত ককবকাই থকা অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি চাৰি ডাল লোৰ জইচ কিনি আনি নিজে দলং নিৰ্মাণৰ বাবে ওলাই আহে ৷ আনহাতে, বিএলটি আন্দোলনৰ সময়ছোৱাত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীয়ে উলুবাৰী গাঁৱত আত্মগোপন কৰি থাকিয়ে সংগ্ৰাম চলাই গৈছিল বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে ৷ কিন্তু যিখন গাঁৱত থাকি হাগ্ৰামাই আন্দোলনৰ নেতৃত্ব দিছিল সেই গাঁৱৰ ৰাইজে বঞ্চিত বিটিচিৰ উন্নয়নমূলক আঁচনিৰ পৰা ৷ এটা ভাল পথৰ অভাৱত বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি আহিছে উলুবাৰী গাঁৱৰ ৰাইজ ৷

Intro: হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন স্বৰুপ ৷ মডেল বিটিচিৰ কোনো এখন আঁচনিয়ে ঢুকি নোপোৱাত হাতে -কামে লাগিল ৰাইজে ৷ নিজৰ গাঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে দলং ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ ৰাইজে আজি নিৰ্মাণ কৰিলে এখন দলং ৷Body:উল্লেখ্য যে জিলাখনৰ গলবিল -আঠিয়াবাৰী গড়কাপ্তানি পথ সংযোগী উলুবাৰীত চঞ্চলা নৈৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় নিশ্চিহ্ন হৈ গৈছিল ৷ প্ৰায় পাঁচখন গাঁৱৰ ছাত্ৰ -ছাত্ৰী, ৰাইজে যাতায়ত কৰা পথটোৰ দলংখন নিৰ্মাণৰ বাবে ৰাইজে বিটিচি তথা ৰাজ্য চৰকাৰক কেবাবাৰো আবেদন কৰাৰ পিচতো কোনো গুৰুত্ব আৰোপ নকৰিলে ৷ ফলত যাতায়তৰ সমস্যাত ককবকাই থকা অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি চাৰি ডাল লোৰ জইচ কিনি আনি নিজে দলং নিৰ্মাণৰ বাবে ওলাই আহে ৷ উল্লেখ্য যে বিএলটি আন্দোলনৰ সময়ছোৱাত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীয়ে উলুবাৰী গাঁৱত আত্মগোপন কৰি থাকিয়ে সংগ্ৰাম চলাই গৈছিল ৷ কিন্তু যিখন গাঁৱত থাকি হাগ্ৰামাই আন্দোলনৰ নেতৃত্ব দিছিল আজি সেই গাঁৱৰ ৰাইজে বঞ্চিত বিটিচিৰ উন্নয়নমুলক আঁচনিৰ পৰা ৷ এটা ভাল পথৰ অভাৱত বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি আহিছে উলুবাৰী গাঁৱৰ ৰাইজে ৷Conclusion:অৱশ্যে আজি গাঁৱখনৰ ৰাইজে চৰকাৰী আঁচনিৰ আশা বাদ দি নিজেই ওলাই আহিল দলং নিৰ্মাণ কৰিবলৈ ৷
বাইট— স্থানীয় ৰাইজ ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.