ETV Bharat / state

বাক্সা জিলাৰ মুছলপুৰৰ এটা বিধ্বস্ত পথে পথচাৰীক জ্বলা-কলা খুৱাইছে !

অভিযোগ অনুসৰি ছয়মাহ পূৰ্বে মেৰামতি কৰা এই পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷

author img

By

Published : May 21, 2019, 3:26 PM IST

বিধ্বস্ত পথে পথচাৰীক জ্বলা কলা খুৱাইছে !

চাপাগুৰি , 21 মে': একাংশ ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মাজমজিয়াত অৱস্থিত এটা পথ ৷ পথচাৰীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা এই পথটোৱে মুছলপুৰবাসীক জীয়াতু ভোগাইছে ৷

অভিযোগ অনুসৰি ছয় মাহ পূৰ্বে মেৰামতি কৰা এই পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ মুছলপুৰ চহৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা এই পথছোৱাৰে দৈনিক সহস্ৰাধিক লোকৰ লগতে সৰু, ডাঙৰ গাড়ী চলাচল কৰে ৷ আনকি এই পথটোৰ ওচৰতে তিনিখনকৈ শিক্ষানুষ্ঠান অৱস্থিত আছে ৷ কিন্তু এজাক বৰষুন আহিলেই পথটো পানীৰে উপচি যাতায়ত ব্যাহত হৈ পৰে ৷ যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত এতিয়া পথচাৰীসকলে যমৰ যাতনা ভোগ কৰি আহিছে ৷ গাঁওবাসীৰ অভিযোগ অনুসৰি , বিটিচিত নগৰ উন্নয়ন বিভাগ এটা আছে যদিও আজিলৈকে এই সন্দৰ্ভত বিভাগটোৱে কোনো গুৰুত্ব দিয়া নাই ৷ যাৰবাবে পথটো ভাঙি চিঙি জৰাজীৰ্ণ ৰূপ লোৱাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷

Intro:এটা গড়কাপ্তানি পথ ৷ একাংশ ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে এই পথছোৱা ৷ ছয়মাহ পূৰ্বে মেৰামতি কৰা পথটোত এতিয়া পুখুৰী সদৃশ গাত ৷Body:বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মাজমজিয়াত অৱস্থিত এই পথটো এতিয়া পথচাৰীৰ বাবে হৈ পৰিছে মুৰকামোৰণি ৷ জৰাজীৰ্ণ পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাত ৷ এজাক বৰষুন আহিলেই পানীৰে উপচি ব্যাহত হয় যাতায়ত ৷ মুছলপুৰ চহৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা পথছোৱাৰে দৈনিক সহস্ৰাধিক লোকৰ লগতে সৰু, ডাঙৰ গাড়ী চলাচল কৰে ৷ আনকি এই পথটোৰ ওচৰতে তিনিখনকৈ শিক্ষানুষ্ঠান অৱস্থিত ৷ ফলত যাতায়তৰ ক্ষেত্ৰত এতিয়া যমৰ যাতনা ভোগ কৰি আহিছে পথচাৰীসকলে ৷ উল্লেখ্য যে বিটিচিত নগৰ উন্নয়ন বিভাগ এটা আছে যদিও আজিলৈকে এই বিভাগটোৱে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷ যাৰবাবে পথটো ভাঙি চিঙি জৰাজীৰ্ণ ৰূপ লোৱাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ Conclusion:বাইট— স্থানীয় লোক ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.