চিৰাং, 13 ফেব্ৰুৱাৰী: চিৰাঙৰ পাটাবাৰীত চোৰাং কাঠৰ কুণ্ডা কঢ়িওৱা এখন দ্ৰুতবেগী টেক্টৰে মহতিয়াই নিয়াত শনিবাৰে পাটাবাৰী গাঁৱৰ সুশান্ত নাৰ্জাৰী (27) নামৰ এজন যুৱকে থিতাতে মৃত্যুক সাৱতি লয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে পুৱা প্ৰায় 8:30 বজাত জিলাখনৰ আনগুৰী থানাৰ অন্তৰ্গত পাটাবাৰীত মটৰ চাইকেল আৰোহী যুৱক জনক চোৰাং কাঠৰ কুণ্ডা কঢ়িয়াই নিয়া ট্ৰাকখনে মহতিয়াই নিয়ে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বৃহত্তৰ পাটাবাৰী আৰু ঔগুৰী গাঁৱৰ বাসিন্দা সকলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

ঘটনাস্থলীত বিজনীৰ মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰনৰ চেষ্টা কৰে যদিও ৰাইজে আৰক্ষীক মৃতদেহ উঠাব নিদি তাৰ পৰিৱৰ্তে বিটিআৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্যজনক ঘটনাস্থলীত বিচাৰে ৷ ৰাইজৰ দাবীৰ পাছতে দুপৰীয়া সময়ত বিটিআৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰাৰ পাছতহে পৰিৱেশ শান্ত হয় আৰু আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷

বন বিভাগৰ কাৰ্য্যবাহী সদস্য গৰাকীৰ সন্মুখত স্থানীয় ৰাইজে অভিযোগ কৰে যে, বন বিভাগ আৰু আৰক্ষীৰ সৈতে মিলামিচা কৰি দৈনিক চোৰাং কাঠৰ প্ৰকাণ্ড প্ৰকাণ্ড কুণ্ডা কঢ়িয়াই ট্ৰেক্টৰ সমূহ গাঁৱৰ মাজেৰে যাতায়াত কৰে ৷ গাঁওবাসীয়ে লগতে এইবুলিও জানিবলৈ দিয়ে যে, বন বিভাগ আৰু আৰক্ষীৰ সৈতে মিলামিচা কৰি চোৰাং কাঠ বেপাৰী সকলে ব্যৱসায় চলাই গৈছে আৰু সেয়ে ভয়তে গাঁওবাসীয়ে একো ক'বলৈ সাহস কৰিব নোৱাৰে ৷ অভিযোগ অনুসৰি ভাৰত-ভূটান সীমান্তৰ এই অঞ্চলেৰে কোকৰাঝাৰ জিলাৰ হল্টুগাঁও বনাঞ্চলৰ পৰা বনাঞ্চল ধ্বংস কৰি এই মূল্যবান কাঠ সমূহ আনি দীৰ্ঘদিনৰ পৰা চোৰাংভাৱে ৰমৰমীয়া ব্যৱসায় চলাই যোৱা হৈছে ৷
ঘটনাস্থলীত উপস্থিত হৈ বিটিচি বন বিভাগৰ কাৰ্যবাহী বিষয়া ৰঞ্জিত বসুমতাৰীয়ে মন্তব্য কৰে যে, পূৰ্বতে কি হৈছিল সেই সম্পৰ্কে ৰাইজে সকলো জানে আৰু সেয়ে বিটিআৰৰ ফালৰ পৰা তেঁওলোকে কোন মন্তব্য প্ৰদান নকৰে , কিন্তু এতিয়া এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেঁও আশ্বাস দিয়ে ৷
তেওঁ মন্তব্য কৰি যে, "আমি জানো বিগত সময়ছোৱাত বিপিএফ দলে বহু বেমেজালি কৰিলে ৷ আমি সকলো বিভাগকে মুকলি ভাৱে কাম কৰাৰ সুবিধা দিছো ৷ এতিয়া আমি কাৰো গুণ্ডাগিৰি সহ্য নকৰো ৷ বিগত 17 বছৰে গুণ্ডাৰাজ চলিছিল বিটিচিত ৷ এতিয়াও সেই অভ্যাস এৰিব পৰা নাই কাৰণ সহজতে টকা ঘটাৰ অভ্যাস হৈছে জনসাধাৰণৰ ৷ মোৰ বিভাগত এনে ঘটনা ঘটাতো অতি দুৰ্ভাগ্য জনক ৷ মই কাৰ্যভাৰ লৈয়ে কঠোৰভাৱে হাতে কাম কৰি গৈছো কিন্ত মোক কোনেও সহায় কৰাৰ বাবে আগবাঢ়ি অহা নাই ৷"
বিৰোধী দলে ৰাইজক উচটাই এনে ধৰনৰ বহু কাম কৰাই আছে বুলি মন্তব্য কৰি চোৰাং কাঠ তথা বন বিভাগৰ অনিয়মত বিপিএফ প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে আৰু ইয়াৰ প্ৰমাণ তেঁও দিব পাৰিব বুলিও বসুমতাৰীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক: সহপাঠীৰ চুৰিৰ আঘাতত আহত ছাত্ৰ