ETV Bharat / state

কুমাৰীকাটাত ওদালগুৰিৰ অসহায় বৃদ্ধ উদ্ধাৰ

author img

By

Published : May 30, 2019, 6:49 PM IST

কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজীৰ, তামুলপুৰ স্থানীয় সংবাদকৰ্মী ৰমেন দাস আৰু অভিজিৎ তালুকদাৰৰ সহযোগত বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

কুমাৰীকাটাত ওদালগুৰিৰ অসহায় বৃদ্ধ উদ্ধাৰ

বাক্সা,30 মে’: বাক্সা জিলাৰ কুমাৰীকাটা বজাৰত বৃহস্পতিবাৰে আবেলি এগৰাকী অসহায় বৃদ্ধক উদ্ধাৰ কৰে স্থানীয় ৰাইজে । জানিব পৰা মতে, পুৱাৰে পৰা এগৰাকী বৃদ্ধই এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত বহু সময় ধৰি বহি থকাত প্ৰতিষ্ঠানখনৰ গৰাকীৰ সন্দেহ হোৱাত সোধপোচ কৰাত বৃদ্ধ গৰাকীয়ে ওদালগুৰি জিলা সোনাৰীপাৰা গাঁৱৰ ৰঘুনাথ হৰিজন (৮০) বুলি জানিবলৈ দিয়ে । পিছত প্ৰতিষ্ঠানখনৰ গৰাকীয়ে বৃদ্ধগৰাকীৰ লগত থকা এটা বেগ পৰীক্ষা কৰোতে তেওঁৰ বস্ত্ৰ, ভোটাৰ কাৰ্ড, ওদালগুৰি শাখা ভাৰতীয় ষ্টেট বেঙ্ক একাউণ্ট, অটল অমৃত কাৰ্ড লাভ কৰি স্থানীয় লোক আৰু কুমাৰীকাটা আৰক্ষীক চকীত খবৰ দিয়ে । কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজীৰ, তামুলপুৰ স্থানীয় সংবাদকৰ্মী ৰমেন দাস আৰু অভিজিৎ তালুকদাৰৰ সহযোগত বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিছত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ওদালগুৰি জিলাৰ আৰক্ষীৰ লগত বৃদ্ধজনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰাৰ কাৰণে যোগাযোগ কৰে । উল্লেখ্য যে, তামুলপুৰ মহকুমাৰ কুমাৰীকাটালৈ কেনেদৰে বৃদ্ধগৰাকী আহিল এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

as_bak_30may_oldman_rescue_vis1_7203823

বাক্সাৰ কুমাৰীকাটাত ওদালগুৰিৰ অসহায় বৃদ্ধ উদ্ধাৰ ।

বাক্সা জিলাৰ কুমাৰীকাটাত বজাৰ বৃহস্পতিবাৰে আবেলি এগৰাকী অসহায় বৃদ্ধাক উদ্ধাৰ কৰে স্থানীয় ৰাইজে। জানিব পৰামতে আজি পুৱাৰে পৰা এগৰাকী অশিতিপৰ বৃদ্ধই এখন ব্যৱসায় প্ৰতিস্থানৰ বাৰাণ্ডাত বহু পৰ ধৰি বহিথকাত ব্যৱসায় প্ৰতিস্থান খনৰ গৰাকীয়ে সন্দেহ হোৱাত সোধপোচ কৰাত বৃদ্ধ গৰাকীয়ে ওদালগুৰি জিলা সোনাৰীপাৰা গাওঁৰ  ৰঘুনাথ হৰিজন (৮০)  বুলি জানিব দিয়ে। পিছত ব্যৱসায় খনৰ দোকানী জনে বৃদ্ধ গৰাকীৰ লগত থকা এখন বেগ পৰীক্ষা কৰোতে তেওঁৰ  বস্ত্ৰ, ভোটাৰ কাৰ্ড, ওদালগুৰি শাখা ভাৰতীয় ষ্টেট বেঙ্ক একাউণ্ট, এটল অৰ্মিত কাৰ্ড আদি পায় আৰু স্থানীয় লোক আৰু কুমাৰীকাটা আৰক্ষীক চকীত খৱৰ দিয়ে। খৱৰ পোৱা মাত্ৰকে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজিৰ, তামুলপুৰ স্থানীয় সংবাদকৰ্মী ৰমেন দাস আৰু অভিজিৎ তালুকদাৰৰ সহযোগত বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায়। পিছত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ওদালগুৰি জিলাৰ আৰক্ষীৰ লগত বৃদ্ধা জনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰাৰ কাৰণে যোগাযোগ কৰে। বাতৰি লিখা পৰালৈকে বৃদ্ধগৰাকীৰ  প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই আৰু কেনেকৈ তামুলপুৰ মহকুমাৰ কুমাৰীকাটালৈ আহিল এতিয়া লৈকে জানিব পৰা হোৱা নাই।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.