ETV Bharat / state

উৰুখা পজাতেই দৰিদ্ৰ পৰিয়ালৰ দুৰ্বিষহ জীৱন সংগ্ৰাম

জৰাজীৰ্ণ এটা উৰুখা পজাতেই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে তিনি সন্তানে ৷ এটা চৰকাৰী আৱাস গৃহৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ বিনম্ৰ ভাবে আহ্বান জনাইছে দৰিদ্ৰ পিতৃয়ে ৷

author img

By

Published : Jul 5, 2020, 10:44 PM IST

No Home in Poor Family in At Baksha
উৰুখা পজাতেই দৰিদ্ৰ পৰিয়ালৰ দুৰ্বিষহ জীৱন সংগ্ৰাম

বাক্সা, 5 জুলাইঃ বাক্সাৰ তামুলপুৰৰ ২নং বৰবালিশিহাৰ প্ৰভাত বেজবৰুৱা নামৰ পৰিয়ালটোৱে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ কাৰণ বৰলীয়া নৈ খনৰ গৰাখহনীয়াত জাহ গৈছে পৰিয়ালটোৰ ঘৰ মাটি-ভেটিৰ লগতে সকলো সা-সম্পত্তি ৷

স্বাধীনতাৰ সাতটা দশকৰ পিছতো বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং বৰবালিশিহাৰ প্ৰভাত বেজবৰুৱাৰ পৰিয়ালটোৱে এটা জৰাজীৰ্ণ ঘৰৰ তলতে দিন অতিবাহিত কৰিবলগীয়া হৈছে । মডেল বিটিচিৰ কথা কোৱা হাগ্ৰামা মহিলাৰীৰ দীঘলীয়া কাৰ্যকালটো দুৰ্ভগীয়া পৰিয়ালটোৱে এটা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ পাবলৈ সক্ষম নহ'ল । জানিব পৰা মতে, প্ৰভাত বেজবৰুৱাই কোনো মতে দিন হাজিৰা কৰি পৰিয়ালটো পোহ পাল দি আছিল ৷ কিন্তু এটা দুৰ্ঘটনাই তেওঁৰ পৰিয়ালটোলৈ বিপদ নমাই আনিছিল ৷ অকল সেয়াই নহয় পৰিয়ালটোৰ ঘৰ বৰলীয়া নৈৰ পাৰত হোৱা বাবে বিগত তিনিটা বছৰে গৰাহখহনীয়াত ইতিমধ্যে ভেটি মাটি জাহ গৈছে । দীৰ্ঘ দিন ধৰি স্থানীয় জন প্ৰতিনিধিক এটা চৰকাৰী ঘৰৰ বাবে বহু আবেদন নিবেদন কৰিছিল যদিও আজিলৈ দৰিদ্ৰ পৰিয়ালটোৱে লাভ নকৰিলে এটা চৰকাৰী ঘৰ ৷

আনহাতে, পৰিয়ালটোৱে চৰকাৰী আঁচনিৰ নামত কেৱল এটা শৌচালয় লাভ কৰিছে । অন্যহাতে প্ৰভাত বেজবৰুৱাৰ তিনি সন্তানেও জুপুৰি সদৃশ ঘৰটোতে জীৱনৰ আদি পাঠ শিকিবলগীয়া হৈছে । সেয়ে এতিয়াও প্ৰভাত বেজবৰুৱাই এটা চৰকাৰী আৱাস গৃহৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক বিনম্ৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক- ৰাজ্যত বানত মৃত্যু 37 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.