তামুলপুৰ, 16 নৱেম্বৰ: তামুলপুৰত বিপিএফ কৰ্মীয়ে দাহ কৰিলে সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ প্ৰতিকৃতি ৷ গয়বাৰী ব্লক বিপিএফৰ উদ্যোগত বিপিএফ নেতা দুজনৰ প্ৰতিকৃতি দাহ কৰা হয় ৷

উল্লেখযোগ্য় যে, বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰী মূৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, হাগ্ৰামা জিন্দাবাদ, বিপিএফ জিন্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ কৰি তোলে তামুলপুৰৰ পৰিৱেশ ৷

ইপিনে দুয়োজন নেতাকে প্ৰতাৰক আখ্যা দিয়ে বিপিএফে ৷ লগতে দুয়োগৰাকী নেতাই দলটোক দমন কৰি থকাৰ অভিযোগ তুলি দলৰ তৃণমূল কৰ্মীসকলক কাম কৰিব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে গয়বাৰী ব্লক বিপিএফৰ কৰ্মীয়ে ৷
লগতে পঢ়ক: দিপাৱলীৰ আনন্দৰ মাজতে পুৰি চাৰখাৰ হ'ল এখন ঘৰ