ETV Bharat / state

মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ: বাক্সাত আজিও মুকলি নহ’ল ICU কক্ষ্য - শীঘ্ৰে আইচিইউ কক্ষ

ক’ৰণা মহামাৰীৰ সময়চোৱাত বাক্সা জিলাৰ নিৰীক্ষকৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে সংবাদমেলৰ জড়িয়তে শীঘ্ৰে আইচিইউ কক্ষ কেইটা নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ মন্ত্ৰীৰ প্ৰতিশ্ৰুতিমতে সেই সময়চোৱাত চিকিৎসালয়খনত আইচিইউ কক্ষ নিৰ্মাণৰ কামো চলিছিল ৷ কিন্তু অতি ৰহস্যজনক ভাৱে বিগত ছয় সাত মাহে কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি হোৱা নাই আইচিইউ কক্ষ ৷

মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰঃ বাক্সাত আজিও মুকলি নহ’ল ICU কক্ষ্য

author img

By

Published : Feb 20, 2021, 7:51 AM IST

Updated : Feb 20, 2021, 1:18 PM IST

বাক্সা, 20 ফেব্ৰুৱাৰী: বাক্সাৰ সদৰ মুছলপুৰত স্থাপন কৰা ২০০ বিচনাযুক্ত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত আজিও মুকলি নহ'ল আইচিইউ কক্ষ ৷ অসাৰ হ'ল দুই মন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৷ বিগত আঠ মাহে ৰাইজৰ বাবে উপলব্ধ নহ'ল চিকিৎসালয়খনত আইচিইউ কক্ষ ৷

উল্লেখযোগ্য যে, ক’ভিড-১৯ৰ বাবে দেশত চলি থকা লক ডাউনৰ সময়তে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মাজমজিয়াত স্থাপন কৰা ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ৰাইজৰ সহায়ৰ বাবে পাঁচটা আইচিইউ কক্ষ নিৰ্মাণৰ কাম হাতত লৈছিল চৰকাৰে ৷ ক’ৰণা মহামাৰীৰ সময়চোৱাত বাক্সা জিলাৰ নিৰিক্ষকৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে সংবাদমেলৰ জড়িয়তে শীঘ্ৰে আইচিইউ কক্ষ কেইটা নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷

মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ: বাক্সাত আজিও মুকলি নহ’ল ICU কক্ষ্য

মন্ত্ৰীৰ প্ৰতিশ্ৰুতিমতে সেই সময়চোৱাত চিকিৎসালয়খনত আইচিইউ কক্ষ নিৰ্মাণৰ কামো চলিছিল ৷ কিন্তু অতি ৰহস্যজনক ভাৱে বিগত ছয় সাত মাহে কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি হোৱা নাই আইচিইউ কক্ষ ৷

উল্লেখযোগ্য যে, এসপ্তাহৰ ভিতৰতে ৰাইজৰ বাবে মুকলি কৰিব লগা আইচিইউ কক্ষ কেইটা নিৰ্মাণ সন্দৰ্ভত কোনো তথ্য নাই চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত ৷ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুভাষ শৰ্মাই জানিব দিয়া মতে, আইচিইউ কক্ষৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও কেতিয়া মুকলি কৰিব সেই সন্দৰ্ভত অৱগত নহয় তেওঁলোক ৷

ইফালে এসপ্তাহৰ ভিতৰতে ৰাইজৰ বাবে মুকলি কৰি দিবলগীয়া আইচিইউ কক্ষ কেইটা বিগত সাত-আঠ মাহে মুকলি কৰি নিদিয়া কাৰ্যক গৰিহণা দিছে বাক্সা জিলা আছুৱে ৷ আছুৱে অতি শীঘ্ৰে ৰাইজৰ সুবিধা হোৱাকৈ আইচিইউ কক্ষ কেইটা মুকলি কৰি দিবলৈ স্বাস্থ্য মন্ত্ৰীক আহ্বান জনাইছে ৷

লগতে পঢ়কঃ আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

Last Updated : Feb 20, 2021, 1:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.