ETV Bharat / state

ক’ভিড পৰিস্থিতি সন্দৰ্ভত বৈঠক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ - অক্সিজেন, পিপিকীত

ক’ভিড পৰিস্থিতি সম্পৰ্কে কৰা আলোচনাৰ অন্তত মন্ত্ৰী ইউ জি ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, জিলাখনত তামুলপুৰৰ বাহিৰে মুছলপুৰ আৰু শালবাৰী মহকুমাত বৰ্তমান ক’ভিড-19 ৰ সংক্ৰমণ তীব্ৰতৰ হোৱা নাই ৷

ক’ভিড পৰিস্থিতি সম্পৰ্কে বাক্সা জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

author img

By

Published : May 12, 2021, 7:21 PM IST

বাক্সা,১২ মে’: বাক্সাৰ জিলা উপায়ুক্তৰ সভাকক্ষত বুধবাৰে জিলা প্ৰশাসনৰ লগত ক’ভিড সম্পৰ্কে এক আলোচনাত মিলিত হয় নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সদস্য ইউ জি ব্ৰহ্মই ৷ বুধবাৰে দিনৰ ১২.৩০ বজাত অনুষ্ঠিত হোৱা সভাত উপায়ুক্ত ৰঞ্জন শৰ্মা, জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

ক’ভিড পৰিস্থিতি সম্পৰ্কে কৰা আলোচনাৰ অন্তত মন্ত্ৰী ইউ জি ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, জিলাখনত তামুলপুৰৰ বাহিৰে মুছলপুৰ আৰু শালবাৰী মহকুমাত বৰ্তমান ক’ভিড-19 ৰ সংক্ৰমণ তীব্ৰতৰ হোৱা নাই ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, সম্প্ৰতি জিলাখনত স্বাস্থ্যকৰ্মীৰ অভাৱ আছে যদিও ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ অক্সিজেন, পিপিই কিটৰ লগতে ক’ভিড-19 পৰীক্ষাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত আছে ৷

ক’ভিড পৰিস্থিতি সম্পৰ্কে বাক্সা জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

ইপিনে মন্ত্ৰী গৰাকীয়ে অসমীয়া জাতীয় জীৱনৰ মহান কাণ্ডাৰী, অসমীয়া সাহিত্যত অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী, কবি, সমালোচক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: মুৰ্কংচেলেকৰ এটি পথে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.