ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত পৰিৱেশ সজাগতা সভা - মানাহ ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত বুধবাৰে বিশ্ব বন্যপ্রাণী দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ মানাস একোমণ্ডেচন এণ্ড ট্যুৰিজিম ছ'চাইটি আৰু এনাজৰী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত স্থানীয় জীপ চাফাৰী, গাইড আৰু ড্ৰাইভাৰ সংগঠনৰ সহযোগত অনুষ্ঠিত হয় সজাগতা সভাখন ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত পৰিৱেশ সজাগতা সভা

author img

By

Published : Mar 3, 2021, 10:23 PM IST

বাক্সা,৩ মাৰ্চ: বিশ্ব বন্যপ্রাণী দিৱস উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত বুধবাৰে এখন সজাগতা সভা অনুষ্ঠিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মানাস একোমণ্ডেচন এণ্ড ট্যুৰিজিম ছ'চাইটি আৰু এনাজৰী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত স্থানীয় জীপ চাফাৰী, গাইড আৰু ড্ৰাইভাৰ সংগঠনৰ সহযোগত অনুষ্ঠিত সজাগতা সভাত শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে ৷ মহকুমাধিপতি গৰাকীয়ে সভাত অংশগ্ৰহণ কৰি কয়, "আমাৰ কিছুমান পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলত গছ গছনি ধ্বংস হৈ গ'ল। সেয়ে আমাক সামাজিক,বন সংৰক্ষণ সংস্থা আদিৰ প্ৰয়োজন হৈ পৰিছে। বনাঞ্চল পৰিচালনা কৰাত পৰিচালকৰ সহিতে আমি সকলোৱে মনোযোগ দিব লাগে ৷"

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত পৰিৱেশ সজাগতা সভা

লগতে গছ কটা প্ৰসংগত ওৱাৰীয়ে কয়, "খৰি লাগিলে গছ জোপা নাকাটি ডাল কাটি আমাৰ প্ৰয়োজন পূৰ কৰিব লাগে। ইয়াৰ বাস্তব উদাহৰণ দিল্লী ৷ কৰ'ণাৰ পৰিৱেশৰ প্ৰায় দুবছৰ মান আগতে দিল্লীত বায়ু প্ৰদূষণৰ ফলতে গছ-গছনি বোৰ পানীমাৰি ধুব লগীয়া হৈ পৰিছিল । গতিকে আমি সকলোৱে সজাগ হৈ পৰিৱেশ বচাব লাগিব ৷"

উল্লেখ্য যে, শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই অংশগ্রহণ কৰা সজাগতা সভাত টিম আৰোণ্যক ড০ দিপাংকৰ লহকৰ, ডব্লিউ ডব্লিউ আইৰ প্ৰকল্প মুখ্য সনাতন ডেকা, ফ্লৰিকেন কোটেজৰ বুবুল নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। মানাস একোমণ্ডেচন এণ্ড ট্যুৰিজিম ছ'ছাইটিৰ সভাপতি মৃণাল বসুমতাৰীয়ে আঁতধৰা সভাত বাঁহবাৰী চেন্ট জেভিয়াৰ্চ স্কুলৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কৰ'ণাৰ প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.