ETV Bharat / state

Manas national park : ন ন ব্যৱস্থা সংযোজনেৰে পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান - MANAS NATIONAL PARK latest news

পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ মুকলি কৰে বিটিআৰৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ পৰ্যটকৰ বাবে ন ন ব্যৱস্থা মুকলি ৷

MANAS NATIONAL PARK REOPEN FOR TOURIST
পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:56 PM IST

পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাক্সা/দৰং, 2 অক্টোবৰ: দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ ৷ 1 অক্টোবৰৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ বিহু নৃত্য, বাগৰুম্বা, ঝুমুৰ আৰু আয়তীৰ হৰি নামৰ ধ্বনিৰে মুখৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ ৷ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ ৷

যোৱা 5 জুনৰ পৰা বাৰিষাৰ বাবে পৰ্যটকৰ বাবে উদ্যানৰ প্ৰৱেশদ্বাৰ বন্ধ আছিল ৷ দেওবাৰে পৰ্যটকৰ বাবে মুকলি কৰি বিটিআৰ অঞ্চলত শান্তি আৰু অৰ্থনীতিৰ বুনিয়াদ উদ্যান কৰ্তৃপক্ষই ৰচনা কৰে বুলি কয় ৷ বাঁহবাৰীত থকা মুখ্য কাৰ্যালয়ৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে বাঁহবাৰীৰ প্ৰৱেশদ্বাৰত উপস্থিত হোৱাৰ পিচতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ মুকলি কৰে ৷

প্ৰৱেশদ্বাৰ মুকলি কৰি বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, " মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক উন্নত কৰাৰ ক্ষেত্ৰত ইয়াৰ স্থানীয় ৰাইজে উদ্যোগ গ্ৰহণ কৰিব লাগিব । আজিৰ দিনত বিটিচি অঞ্চল শান্তিৰ অঞ্চল বুলি পৰিগণিত হৈছে ৷ গতিকে এই বৰ্ষত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ।"

উল্লেখ্য যে, দেশী বিদেশী পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে কৰিব পাৰিব নৌকা বিহাৰ । লগতে পৰ্যটকসকলে জীপ চাফাৰীৰ লগতে হাতী চাফাৰীও কৰিব পাৰিব বুলি জনায় ৷ ইতিমধ্যে পশ্চিমবংগৰ পৰা এটা দলে উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ টিকট বুকিং কৰিছে বুলি জানিবলৈ দিছে উদ্যানখনৰ ডি এফ অ’ই ৷ উদ্যানখনত অৰণ্যক নামৰ সংস্থা এটাই 15 লাখ টকা ব্যয়সাপেক্ষে প্ৰদান কৰে এখন এগ্ৰোবোল বাহন ৷

অনুষ্ঠানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক ৰাজেন চৌধুৰীয়ে কয়," শেহতীয়া গণনা অনুসৰি উদ্যানখনত 172 টা দ’ল হৰিণা, 57 টা বাঘ আৰু প্ৰায় 50 টা গঁড় আছে । অনুষ্ঠানত কেবাগৰাকী দেশী বিদেশী পৰ্যটককে ধৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কেবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Amsoi gaon Panchayat Scam : PMAY ৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ কথা স্বীকাৰ কৰিলে পঞ্চায়ত সদস্যই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.