বাক্সা, 11 আগষ্ট : ক’ভিড(Covid) সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা লকডাউন(Lockdown)ৰ বাবে একপ্ৰকাৰ আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ কৃষকসকল ৷ অতি পৰিশ্ৰমেৰে খেতি কৰি উৎপাদিত ফচলসমূহৰ উচিত মূল্য নাপাই লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ সৰহসংখ্যক কৃষকে ৷ যাৰ ফলস্বৰূপে মূৰে-কপালে হাত দিছে এইসকল কৃষকে ৷
বাক্সা জিলাৰ শালবাৰীৰ আওহাটা নিৱাসী নেমু টেঙা (Lemon)ৰ খেতিয়ক খনিন্দ্ৰ কুমাৰ কলিতা ৷ লকডাউনৰ বাবে নেমু ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হৈছে এইগৰাকী কৃষকে ৷ ক’ভিড পৰিস্থিতিৰ বাবে তেওঁ উৎপাদিত নেমু টেঙাসমূহ বজাৰত উলিয়াই দিব নোৱাৰিলে ৷ যাৰ ফলস্বৰূপে বহু টেঙা নষ্ট হৈ যায় ৷
ইফালে উচিত মূল্য দি নেমু টেঙা ক্ৰয় কৰিবলৈ খনিন্দ্ৰ কুমাৰ কলিতাই চৰকাৰক আহ্বান জনাইছিল যদিও বৰ্তমানেও চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই কৃষকগৰাকীয়ে ৷
উপায়হীন হৈ কৃষকগৰাকীয়ে প্ৰায় দহ বিঘা মাটিত খেতি কৰা নেমু টেঙা পানীৰ লেখীয়া দৰত বিক্ৰী কৰিবলগীয়া হয় ৷ উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাৰ দুখ প্ৰকাশ কৰিছে খনিন্দ্ৰ কুমাৰ কলিতাই ৷ তেওঁ জানিবলৈ দিয়ে যে, লকডাউনৰ পূৰ্বে তেওঁ বৰপেটাৰোড, খাৰুপেটীয়াৰ উপৰিও বহিঃৰাজ্য শ্বিলং, পশ্চিমবংগৰ বজাৰত নেমু টেঙা বিক্ৰী কৰিছিল ৷
নেমু বিক্ৰী কৰি বছৰত 2-3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল কৃষকগৰাকীয়ে ৷ কিন্তু লকডাউনৰ বাবে কোনো বেপাৰীয়ে নেমুটেঙা কিনিবলৈ যোৱা নাই বুলি দুখ প্ৰকাশ কৰে কৃষক কলিতাই ৷ অন্যহাতে, লকডাউনৰ মাজতে বিটিআৰ (BTR)ৰ আন এখন জিলা চিৰাঙৰ নেমু টেঙাই আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : লণ্ডনৰ বজাৰ দখল কৰিছে অসমৰ নেমুটেঙাই
প্ৰথমবাৰৰ বাবে পাণবাৰী অঞ্চলৰ পৰা লণ্ডনলৈ ৰপ্তানি (Export) কৰা হৈছে নেমু টেঙা ৷ চলিত বৰ্ষৰ 6 জুলাইত ৰাজ্যৰ কৃষি বিভাগ (Agriculture Department) আৰু পাণবাৰী বডোফা এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী (Bodofa Agro Organic Producer Company Limited)ৰ প্ৰচেষ্টাত ৰপ্তানি কৰা হৈছে চিৰাঙত উৎপাদিত নেমুটেঙাসমূহ ৷
কিন্তু বৰ্তমানেও বিটিআৰ কিম্বা ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই নেমু উৎপাদন কৰি এসময়ত লক্ষাধিক টকা আয় কৰা খেতিয়ক খনিন্দ্ৰ কুমাৰ কলিতাৰ দুৰ্ভগীয়া ছবিখন ৷ ৰাজ্যত এফালে একাংশ কৃষকৰ উৎপাদিত সামগ্ৰীয়ে বিদেশৰ বজাৰ দখল কৰিছে যদিও খনিন্দ্ৰ কুমাৰ কলিতাৰ দৰে আন একাংশ কৃষকে লাভ কৰা নাই চৰকাৰী সা-সুবিধা ৷
ৰাজ্যৰ চুকে-কোণে এনে বহু কৃষক আছে, যিয়ে লকডাউনৰ বাবে সৰ্বস্ব হেৰুৱাই কান্দোনত ভাগি পৰিছে ৷ এইসকল কৃষকক বৰ্তমানেও ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে ৷ লগতে একাংশই চৰকাৰক সহায়ৰ বাবে আবেদন জনায়ো এতিয়ালৈকে সঁহাৰি পোৱা নাই ৷ যাৰ ফলস্বৰূপে দিশহাৰা হৈ পৰিছে খনিন্দ্ৰ কুমাৰ কলিতাৰ দৰে দুৰ্ভগীয়া কৃষকসকল ৷
লগতে পঢ়ক : আংশিক লকডাউনে জুৰুলা কৰিছে থলুৱা কৃষকক