ETV Bharat / state

তালিবানৰ সমৰ্থনত ফেচবুকত লিখা-মেলা কৰি ৰঙা ঘৰৰ আলহী হ’ল সাংবাদিক - সন্ত্ৰাসবাদৰ বিষবাস্প

ৰাজ্যৰ বহু উচ্চ-শিক্ষিত লোকে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থন কৰি অহা দেখা গৈছে ৷ তালিবানৰ সমৰ্থন কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল বাক্সা জিলাৰ এজন ৱেব পৰ্টেলৰ সাংবাদিক ৷

journalist-from-baksa-arrested-for-supporting-taliban-over-social-media
তালিবানৰ সমৰ্থনত ফেচবুকত লিখা-মেলা কৰি ৰঙা ঘৰৰ আলহী হ’ল সাংবাদিক
author img

By

Published : Aug 21, 2021, 10:25 PM IST

বৰপেটাৰোড 21 আগষ্ট : তালিবানৰ সমৰ্থনত সামাজিক মাধ্যম(social media)ত পোষ্ট দি বাক্সাৰ শালবাৰীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন যুৱক । যুৱকজনৰ নাম ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ধৃত ৰফিকুল ইছলাম নামৰ যুৱকজন এটা ৱেব পৰ্টেলৰ সাংবাদিক( journalist of web portal) বুলিও জানিব পৰা গৈছে ৷ তাৰোপৰি যুৱকজন এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতাও কৰে বুলি জানিব পৰা গৈছে ৷ শালবাৰীৰ গোৱৰ্ধনা আৰক্ষীয়ে ইতিমধ্যে ৰফিকুল ইছলামক কৰায়ত্ব কৰি জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰিছে ৷ গোৱৰ্ধনা আৰক্ষীয়ে উৰ্ধতম আৰক্ষীৰ নিৰ্দেশমৰ্মে 168/21 নম্বৰত এটি গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধিৰ 66 IT actৰ অধীনত 120B/153A/A1A/153B(1A/1C)/298/505(1B/1C)/505(2)/39(1B) ধাৰাত গ্ৰেপ্তাৰ কৰিছে যুৱকজনক ৷

উল্লেখ্য যে, তালিবানে আফগানিস্তান দখল কৰাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ খোদ আফগানিস্তানৰ নাগৰিক সকলে তালিবানী শাসনৰ আতংকত নাগৰিকে নিজ দেশ এৰি পৃথিৱীৰ অন্য প্ৰান্তলৈ ধাপলি মেলিছে ৷ বহু আফগানী নাগৰিকে দেশ এৰি বিদেশলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত লাভ কৰা নাই সুবিধা ৷

যি সময়ত মাৰ্কিন সেনাৰ হাতত কোনো মাতৃয়ে নিজৰ শিশুক গতাই দি দেশৰ পৰা আতৰাই পঠিয়াইছে, সেই সময়তে অসম মুলুকৰ এচাম লোকে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থন কৰি অহা দেখা গৈছে ৷ লক্ষ্যণীয় বিষয় যে, ফেচবুকত এইদৰে তালিবানৰ সমৰ্থন কৰি আটক হোৱা সকলৰ সৰহ সংখ্যকেই উচ্চ-শিক্ষিত লোক ৷ কেনেকৈ এওঁলোকে ধৰ্মৰ নামত এতিয়া সমাজত সন্ত্ৰাসবাদৰ বিষবাস্প বিয়পাইছে বুলিও সচেতন মহলত ব্যাপকভাৱে বিষয়টো আলোচিত হৈছে ৷
লগতে পঢ়ক : তেজপুৰত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.