ETV Bharat / state

21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত - HBS

বিটিচিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে বিটিচিৰ 27 নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাসৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিটিচিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Nov 29, 2020, 12:37 PM IST

বাক্সা,29 নৱেম্বৰ : এতিয়া বিটিআৰ উথপথপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৷ হাজাৰ ব্যস্ততাকো নেওচি এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে বিটিচিৰ 27 নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাসৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিটিচিত বিপিএফক ওফৰাই শাসনৰ বাঘজৰী বিজেপিৰ হাতলৈ অনাটোৱে এতিয়া একমাত্ৰ লক্ষ্য মন্ত্ৰীগৰাকীৰ ৷

অৱধাৰিতভাৱে প্ৰতিশ্ৰুতিৰ ফুলজাৰি বোৱাই কাউলী হাইস্কুল খেলপথাৰত মন্ত্ৰীগৰাকীয়ে সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী ভাষণ প্ৰদান কৰে ৷ বিটিচিত পঞ্চায়তীৰাজ শাসন ব্যৱস্থা স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ পৰিৱৰ্তে বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হোৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী শৰ্মাই ৷

বিটিচিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

নাগ্ৰীজুলিত পূৰ্বে 11 হাজাৰ ভোটাৰ আছিল ৷ সম্প্ৰতি আছে 6 হাজাৰ ভোটাৰ ৷ নিৰ্বাচনত জয়ী লাভ কৰিলে বিটিচিৰ পৰা ডি ভোটাৰ বৰ্জন কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই বিটিচিবাসীক আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে, পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 12 টা সমষ্টিত বিজেপিয়ে এককভাৱে প্ৰতিদ্বন্দিতা কৰিব ৷ এই নিৰ্বাচনী সভাখনত মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিশ্বজিত দৈমাৰী, ইমানুৱেল মুছাহাৰী, সাংসদ ৰাজদ্বীপ ৰয় ৷

লগতে চাওকঃ অন্ত পৰিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

For All Latest Updates

TAGGED:

HBS
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.