বাক্সা,23জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাধিপতি কাৰ্যালয়ত মঙলবাৰে এখন চৰকাৰী পৰ্যালোচনা সভা অনুষ্ঠিত হয় । উক্ত সভাখনত উপস্থিত থাকে ৰাজ্যৰ চৰকাৰ যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী,পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ,সাংসদ বিশ্বজিৎ দৈমাৰী,বিধায়ক ইমানুৱেল মুছাহাৰী,বিধায়ক থানেশ্বৰ বসুমতাৰী,বিধায়ক মনেশ্বৰ ব্ৰহ্ম,জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, জিলা আৰক্ষী অধীক্ষক প্ৰতিক থুৱে ,মহকুমাধিপতি সুজিৎ বাগলাৰী লগতে কেইবাগৰাকী চৰকাৰী বিষয়াই উপস্থিত । সভাত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী কয় যে, তেওঁ অহা শুক্ৰবাৰে পুনৰ কেইবাগৰাকী চৰকাৰী বিষয়াৰ সৈতে নিজেই উপস্থিত থাকি মহকুমাটোত যি সমূহ আসোঁৱাহ আছে সকলোবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব ।
তামুলপুৰত মহকুমাধিপতি কাৰ্যালয়ত চৰকাৰী পৰ্যালোচনা সভা - জব কাৰ্ড
মঙলবাৰে বাক্সা জিলাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চেীধুৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে সাংসদ,বিধায়ককে ধৰি বহু চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে ৷