বাক্সা, 17 জুন : কেন্দ্ৰীয় চৰকাৰে বহু পৰিকল্পনাৰে কোটি কোটি টকা খৰচ কৰি দেশত চলাই আহিছে স্বচ্ছ ভাৰত অভিযান ৷ পৰিস্কাৰ পৰিচ্ছন্নতাই মানুহৰ মুল উদ্দেশ্য আৰু সেই উদ্দেশ্যক আগত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে বলৱৎ কৰিছে এই আঁচনি ৷ আঁচনিৰ নামত চৰকাৰে আৱন্টন দিছে বহু পৰিমানৰ বাজেট ৷ দেশৰ বহুসংখ্যক স্থানত এই আঁচনিয়ে ব্যাপকভাৱে সফলতাও লাভ কৰিছে ৷ কিন্তু বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এটা চৰকাৰী কাৰ্যালয়ে পালন নকৰে স্বচ্ছতাৰ কোনো নীতি ৷
বাক্সা জিলাৰ এটা চৰকাৰী কাৰ্যালয়, য'ত প্ৰতিদিনে চলি আহিছে 27টাকৈ বিভাগ ৷ স্বাস্থ্য, শিক্ষা, সমাজকল্যানকে ধৰি বহু গুৰুত্বপূৰ্ণ বিভাগ আছে এই কাৰ্যালয়টোত ৷ কিন্তু বাহিৰে ৰং-চং, ভিতৰে কোৱাভাতুৰি সদৃশ কাৰ্যালয়টোৰ অৱস্থা ৷ দৈনিক শ-শ লোকেৰে গিজগিজাই থকা কাৰ্যালয়টোৰ ভিতৰ ভাগৰ লেতেৰা পৰিৱেশ দেখিলে কি স্বচ্ছ ভাৰত, কি পৰিচ্ছন্নতা, মাথো ঘৃনাত মুখ কোচাব আপুনি ৷ এইটো কাৰ্যালয় হৈছে জিলাখনৰ প্ৰায় 27টা বিভিন্ন বিভাগৰ কাৰ্যালয় থকা জিলা কেন্দ্ৰ ৷ পিচে কাৰ্যালয় চৌহদত প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ অস্বচ্ছ পৰিৱেশহে বিৰাজমান ৷ কাৰ্যালয় চৌহদৰ ভিতৰত থকা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ পৰিৱেশ দেখিলে ঘৃনাত মুখ কোচ খাই আহে, নাই কোনো পানীৰ ব্যৱস্থা ৷ যিয়ে যেনেকৈ পাৰে তেনেকৈ ব্যৱহাৰ কৰাৰ ফলত এক পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ সমগ্ৰ চৌহদটোতে সকলো সময়তে দূৰ্গন্ধই চানি থাকে ৷ কাৰ্যালয়টোৰ লেতেৰা পৰিৱেশ চাফা কৰিবলৈয়ো নাই কোনো কৰ্মচাৰী ৷
যি সময়ত স্বচ্ছ ভাৰত অভিযানৰ নামত ৰাজ্যখনত বছৰি কোটি কোটি থকা খৰচ কৰি আহিছে তেনে সময়তে বাক্সা জিলাৰ চৰকাৰী বিভাগসমূহৰ মুল কেন্দ্ৰটোৰ এনে অস্বচ্ছ পৰিৱেশে আঁচনিখনৰ প্ৰতি গুৰুত্বহীনতাকহে প্ৰতিপন্ন কৰিছে ৷ এইক্ষেত্ৰত বিটিচি প্ৰশাসন তথা অসম চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাৰ্যালয়টোত চাফাইকৰ্মীকে ধৰি পানীৰ ব্যৱস্থা শীঘ্ৰেই কৰি দিলে, এই আঁচনি বাস্তৱত পৰিনত হৈ উঠিব ৷
লগতে পঢ়কঃ বানৰ বাবেই পথৰ ওপৰত মৰণা মাৰিছে কৃষকে, নষ্ট হৈছে বহু শস্য