ETV Bharat / state

Felicitation Programme in Baksa: বৰমাত আয়োজন কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান - নলবাৰী জিলাৰ বৰমা আঞ্চলিক আছু গোট

প্ৰতি বছৰৰ দৰে এইবেলিও বৃহত্তৰ নলবাৰী জিলাৰ বৰমা আঞ্চলিক আছু গোটে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ১৩২ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক মান-পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় (Felicitation Programme by Barma Regional AASU) ৷

Felicitation Programme by Barma Regional AASU Unit in Baksa
বৰমাত আয়োজন কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
author img

By

Published : Aug 11, 2022, 7:50 PM IST

বাক্সা, 11 আগষ্ট: বাক্সা জিলাৰ বৰমাত আয়োজন কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান (Felicitation to meritius students in Baksa) ৷ প্ৰতি বছৰৰ দৰে এইবেলিও বৃহত্তৰ নলবাৰী জিলাৰ বৰমা আঞ্চলিক আছু গোটে সদ্যঘোষিত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ১৩২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মান-পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় (Barma Regional AASU Unit felicitates meritorious students) ৷

বৰমা অঞ্চলৰ সমাজকৰ্মী তথা শিক্ষাবিদ ভাৰত তালুকদাৰৰ সভাপতিত্বত বুধবাৰে অনুষ্ঠিত এই অনুষ্ঠানত বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা গোবিন্দ ভূঞাই (Advisor of Barma Regional Students Union Govind Bhuyan)উল্লেখ কৰা মতে বৰমা অঞ্চলৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে বৰমা আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বৰে পৰাই চেষ্টা চলাই আহিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে অধিক উৎসাহেৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে বৰমা আঞ্চলিক ছাত্ৰ সন্থাই অহৰহ কাম কৰি আহিছে বুলিও জনায় আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীয়ে ।

বৰমাত আয়োজন কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

এই অনুষ্ঠানত নলবাৰী জিলা অসম সেনাৰ উপদেষ্টা কন্দৰ্প শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰী, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজিৎ কলিতা লগতে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গদাধৰ বড়ো, বৰমা কলেজৰ প্ৰাক্তন অধ্যক্ষ সুনিল শৰ্মাৰ লগতে বৰমা অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে শিক্ষাবিদ উপস্থিত থাকে ।

লগতে পঢ়ক: AASU Felicitation programme: কলিয়াবৰৰ কৃতিমান ছাত্ৰ ছাত্ৰীক আছুৰ সম্বৰ্ধনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.