ETV Bharat / state

ভাৰত-ভূটান সীমান্তত উদ্ধাৰ অষ্ট্ৰেলিয়াত নিৰ্মিত ড্ৰ’ণ

author img

By

Published : Jan 23, 2021, 5:06 PM IST

Updated : Jan 23, 2021, 5:17 PM IST

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজুলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰ'ণ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ৷

drone-recoverd-in-baksa-indo-bhutan-border
ভাৰত-ভূটান সীমান্তত স্থলসেনাৰ ফায়াৰিং ৰেঞ্জত অষ্ট্ৰেলিয়াত নিৰ্মিত ড্ৰ’ণ উদ্ধাৰ

তামুলপুৰ, 23 জানুৱাৰী : শেহতীয়াকৈ স্থলসেনা দিৱসত ভাৰতীয় সেনাই প্ৰদৰ্শণ কৰিছিল ইয়াৰ ড্ৰ’ণ শক্তি ৷ আজিৰ দিনত প্ৰযুক্তিগত খণ্ডৰ ফালৰ পৰা ড্ৰ’ণৰ সামৰিক মাৰক ক্ষমতাক নুই কৰিব নোৱাৰি ৷ কমখৰচী ড্ৰ’ণে কিদৰে ধ্বংস মাতিব পাৰে তাক সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছিল বিগত বৰ্ষৰ নাগাৰ্ণো-কাৰাবাখক লৈ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজত চলা মাহযোৰা যুদ্ধত ৷ এনে অৱস্থাত ভাৰত-ভূটান সীমান্তত উদ্ধাৰ হোৱা এখন ড্ৰ’ণে চাঞ্চল্যৰ সৃষ্টি কৰিছে তামুলপুৰত ৷

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শুকানজুলীৰ আৰ্মি ফায়াৰিং ৰেঞ্জৰ ওচৰতে উদ্ধাৰ হয় অষ্ট্ৰেলিয়াত নিৰ্মিত পৰিত্যক্ত ড্ৰ’ণখন ৷ শুকুৰবাৰে আবেলিৰ ভাগত পাহাৰত খৰি কাটিবলৈ যোৱা খৰিকটীয়াই প্ৰথমে প্ৰত্যক্ষ কৰিছিল ড্ৰ’ণখন ৷ ইয়াৰ পিচতেই পাটকীজুলীস্থিত 64 এছএছবিক ঘটনা সন্দৰ্ভত খবৰ দিয়ে খৰিকটীয়াকেইজনে ৷ ভাৰতৰ ভূমিৰ ভিতৰত এইদৰে অষ্ট্ৰেলিয়াত নিৰ্মিত প্ৰায় ছয় ফুট দৈৰ্ঘৰ পাঁচ পাংখাযুক্ত সশস্ত্ৰ ড্ৰ’ণখন কিদৰে উক্ত স্থানত আহিলে তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে এছএছবিয়ে উক্ত ড্ৰ’ণখন উদ্ধাৰ কৰি দৰংগামেলা আৰক্ষীক চমজাই দিয়ে ৷

বৰ্তমানে দৰংগামেলা আৰক্ষী চকীত ড্ৰ’ণখন ৰখা হৈছে আৰু এই সন্দৰ্ভত ভাৰতীয় সেনাৰ সৈতে যোগাযোগ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ কিন্তু ভাৰতীয় স্থলসেনাৰ ফায়াৰিং ৰেঞ্জৰ ওচৰত এইদৰে অষ্ট্ৰেলিয়াত নিৰ্মিত সশস্ত্ৰ ড্ৰ’ণ উদ্ধাৰ হোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত এছএছবি আৰক্ষী অথবা ভাৰতীয় স্থলসেনাৰ তৰফৰ পৰা বাতৰি লিখাৰ পৰলৈকে সংবাদমাধ্যমক কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই ৷

লগতে পঢ়ক : বাক্সা জিলা এবছুৰ 16 তম অধিবেশন আৰম্ভ

Last Updated : Jan 23, 2021, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.