বাক্সা, 30 জুলাই : বুধবাৰে বাক্সাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাওকাটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চাৰি জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ লগে লগে গোৰেশ্বৰ চক্ৰ বিষয়া জোনটি ডেকাই স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ 14 দিনলৈ স্বাস্থ্য কেন্দ্ৰটো ছীল কৰাৰ লগতে কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে ৷
জানিব পৰা মতে, স্বাস্থ্য কেন্দ্ৰটোৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী (ড্ৰেচিং বিভাগৰ) টপেশ্বৰ ব্ৰহ্ম (45), তেওঁৰ কনিষ্ঠ পুত্ৰ প্ৰকাশ ব্ৰহ্ম (23), চিকিৎসালয়খনৰ একাউন্টেন্ট গজেন দাসৰ পত্নী দীপামনি দাস (35) আৰু চিকিৎসালয়খনৰ সন্মুখতে চাহ বিক্ৰী কৰা সুৰেন সিং (26) ক কৰ’ণা পজিটিভ বুলি ধৰা পৰে ৷
ইতিমধ্যে বাক্সা জিলা স্বাস্থ্য বিভাগে 108 এম্বুলেঞ্চ যোগে আটাইকেইজনক আক্ৰান্তক বৰমা হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আনহাতে গোৰেশ্বৰ ৰে’লৱে ষ্টেচনৰ এছএছই দেহতো কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত সমগ্র গোৰেশ্বৰ আৰু নাওকাটাত ৰাইজৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে ৷
লগতে চাওক-অসম-বংগ সীমান্তত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ