ETV Bharat / state

অবড়োৰ মোহ এৰিলে নৱ শৰণীয়াই ! - অবড়ো সুৰক্ষা সমিতি

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জিএছ পি আৰু অবড়ো সুৰক্ষা সমিতিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ পৰিষদীয় নিৰ্বাচনৰ পিচত সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো ৰাইজৰ কোনো খবৰ নোলোৱাৰ অভিযোগ একাংশ অবড়ো নেতাৰ ৷

conflict between the GSP and the  abodo sangram Committee.
অবড়ো মোহ এৰিলে নৱ শৰণীয়াই !
author img

By

Published : Feb 18, 2021, 5:15 PM IST

বাক্সা, ১৮ ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জিএছ পি আৰু অবড়ো সুৰক্ষা সমিতিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ পৰিষদীয় নিৰ্বাচনৰ পিচত সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো ৰাইজৰ কোনো খবৰ নলোৱাৰ অভিযোগ একাংশ অবড়ো নেতাৰ ৷ বৃহস্পতিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি থমনা আঞ্চলিক অবড়ো সুৰক্ষা সমিতিয়ে সাংসদ গৰাকীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

অবড়োৰ মোহ এৰিলে নৱ শৰণীয়াই !

'অবড়ো সংগ্ৰামখনক ধ্বংসৰ ষড়যন্ত্ৰত নামিছে সাংসদ নৱ কুমাৰ শৰণীয়া আৰু অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী ৷ তেওঁলোকে আৰম্ভ কৰিছে কূটিল ৰাজনীতি । ইয়াৰ পৰিপ্ৰক্ষিততে বিগত বিটিচি নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সকল পৰাজিত হ'ব লগা হয় ৷' সংবাদমেলত এই অভিযোগ তোলে অবড়ো সুৰক্ষা সমিতিৰ একাংশ কৰ্মীয়ে ৷

ইফালে, আগন্তুক বিধান সভা নিৰ্বাচনত সাংসদ নৱ কুমাৰ শৰণীয়া আৰু সম্পাদক মাধৱ ৰাজবংশীৰ এই ষড়যন্ত্ৰ ওফৰাই পেলাবৰ বাবে অবড়ো সুৰক্ষা সমিতিয়ে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সিদ্ধান্ত অনুসৰি অবড়ো সুৰক্ষা সমিতিৰ ফালৰ পৰা আগন্তুক বিধান সভা নিৰ্বাচনত চাপাগুৰি সমষ্টিৰ বাবে জোন দাসক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে অবড়ো সুৰক্ষা সমিতিৰ একাংশ কৰ্মীয়ে ৷

লগতে পঢ়ক: লখিমপুৰত শীতলীকৰণ ভঁৰালৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.