বৰপেটাৰোড, 4 ডিচেম্বৰঃ বিটিচিত নিৰ্বাচনী প্ৰচাৰ তু্ংগত উঠিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে শুকুৰবাৰে বাক্সাৰ মথনগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৌতম দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সতে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয় বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত ৷ আনহাতে আজমল ফাউণ্ডেচনলৈ বিদেশৰ সন্ত্ৰাবাদী সংগঠনে ধন প্ৰদান কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কংগ্ৰেছ আৰু এআইইউডিএফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৷ মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে এই ধৰণৰ অপশক্তিক প্ৰশ্চয় নিদিবলৈ ৰাইজক আহ্বান জনায় ৷
লগতে পঢ়কঃ ৰঙিয়াত বাঁহৰ খুটাৰে বিদ্যুৎ বিভাগে যোগান ধৰিছে বিদ্যুৎ