ETV Bharat / state

বাক্সাৰ দাওধাৰাত এছএছবিৰ চিভিক এক্সন শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ - Civic Action programme by SSB

বাক্সাত অনুষ্ঠিত সশস্ত্ৰ সীমা সুৰক্ষা বলৰ চিভিক এক্সন কাৰ্যসূচী (Civic Action programme by SSB)ত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ তেওঁ চিলাই মেচিন প্ৰশিক্ষণত অংশগ্রহণ কৰা শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰে ৷

27 No BN SSB Organised Civic Action Programme in Baksa
বাক্সাত এছ এছ বিৰ চিভিক এক্সন কাৰ্যসূচী ৰূপায়ন
author img

By

Published : Mar 26, 2022, 11:57 AM IST

বাক্সা, 26 মাৰ্চ : ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ দাওধাৰা খেলপথাৰত সশস্ত্ৰ সীমা সুৰক্ষা বল চমুকৈ এছ এছ বি-ৰ ২৭ নম্বৰ বেটালিয়নৰ উদ্যোগত বৃহস্পতিবাৰে ৰাজহুৱা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাটো মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

তদুপৰি এছ এছ বিৰ চিভিক এক্সন কাৰ্যসূচীৰ(SSB Organised Civic Action Programme in Baksa) অধীনত বড়ো বজাৰ, লক্ষী বজাৰ আৰু ভূটান খুঁটিত টেইলৰিং প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ৩৬ গৰাকী শিক্ষাৰ্থীক একোখনকৈ প্ৰমাণপত্ৰ, চিলাই মেচিনৰ সামগ্ৰী আৰু চিলাই কামত ব্যৱহাৰ হোৱা সামগ্ৰীসহ এটাকৈ বেগ মন্ত্ৰীগৰাকীৰ জৰিয়তে প্ৰদান কৰা হয় ।

এছএছবিৰ চিভিক এক্সন শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

ইয়াৰ লগতে টেইলৰিং প্ৰশিক্ষণৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰা প্ৰশিক্ষাৰ্থীসকলক একোটাকৈ চিলাই মেচিন আৰু দ্বিতীয় স্থান পোৱা প্ৰতিগৰাকীক বৈদ্যুতিক ইষ্ট্ৰী প্ৰদান কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি এছ এছ বিৰ ২৭ নম্বৰ বেটালিয়নৰ কমাণ্ডেণ্ট অভিষেক আনন্দে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, "ভাৰত চৰকাৰে প্ৰদান কৰা প্ৰায় ১০ লাখ টকাৰে এছ এছ বিৰ ২৭ নম্বৰ বেটালিয়নে এই চিভিক এক্সন কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ জিলাখনৰ বিভিন্ন স্থানত সৌৰশক্তিৰ জৰিয়তে পোহৰৰ ব্যৱস্থা কৰাৰ লগতে পকী বেঞ্চ স্থাপন কৰে ৷

তেওঁ লগতে কয় যে, এই কাৰ্যসূচীৰ জৰিয়তে ৩৬ গৰাকী শিক্ষিতা মহিলাক ২৮ দিনীয়াকৈ টেইলৰিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইয়াৰোপৰি চিভিক এক্সন কাৰ্যসূচীৰ অংশ হিচাপে বিনামূলীয়া চিকিৎসা শিবিৰ, বিনামূলীয়া পশু চিকিৎসা শিবিৰ, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভ্ৰমণ, বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতা আদি কাৰ্যসূচীৰে সীমান্ত এলেকাৰ ৰাইজৰ কল্যাণ সাধনৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানটোত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে ইউপিপিএলৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ : জেনেভাত স্বাক্ষৰ MoU

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.