ETV Bharat / state

মজুৰী বৃদ্ধিৰ দাবীৰে ৰাজ্যৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত অংগনৱাড়ী কৰ্মীৰ - ২০২১ বিধানসভা নিৰ্বাচন

ৰাজ্যৰ পৃথক পৃথক স্থানত শুকুৰবাৰৰ দিনটোত প্ৰতিবাদত নামিল অংগনৱাড়ী সহায়িকা আৰু কৰ্মীসকল ৷ মজুৰী বৃদ্ধিৰ দাবীত কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বাক্সাৰ ৰাজপথৰ সমান্তৰালকৈ শিলচৰতো প্ৰতিবাদ সাব্যস্ত কৰিলে মহিলা কৰ্মীসকলে ৷ ২০২১ ৰ বিধানসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰতিবাদী মহিলাসকলৰ ৷

CITU protest baksa and cachar silchar assam etv bharat news
প্ৰতিবাদ
author img

By

Published : Mar 7, 2020, 9:12 PM IST

বাক্সা,6 মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত বাক্সাৰ মুছলপুৰত প্ৰতিবাদী জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰিলে বাক্সা জিলা অংগনবাড়ী, মধ্যাহ্ন ভোজন ৰান্ধনী তথা কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলক বৰ্তমানে প্ৰদান কৰা মাননীৰ সলনি মজুৰী ১৮হাজাৰ টকা প্ৰদানৰ দাবীৰে শুকুৰবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ

সকলো কৰ্মচাৰীক সমান মজুৰি প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰা বন্ধ কৰা, মহিলা আৰু শিশুৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, অংগনবাড়ী কৰ্মীৰ সংস্থাপন সুনিশ্চিত কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি সহস্ৰাধিক মহিলাই কঁপাই তোলে মুছলপুৰ চহৰৰ আকাশ-বতাহ ৷ শাসনাধিষ্ঠ বিজেপি চৰকাৰে অংগনৱাড়ী কৰ্মীসকলৰ দাবীসমূহ পূৰণ নকৰিলে আগন্তুক ২০২১ চনত বিধানসভা নিৰ্বাচন বৰ্জন কৰিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

শিলচৰঃ কাছাৰ জিলাতো বামপন্থী সন্থা-সংগঠনৰ কৰ্মকৰ্তাসকলে শুকুৰবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ শিলচৰ চহৰৰ বিভিন্ন পথৰ মাজেৰে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বহি ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলৰ দাবীৰ মাজত আছে-সমান কামৰ বাবে সমান দৰমহা আৰু মজুৰি প্ৰদান, চৰকাৰী ক্ষেত্ৰত মহিলাসকলৰ বাবে ৩০% সংৰক্ষণ, মধ্যাহ্ন ভোজনৰ সকলো কাম চৰকাৰীভাৱে পৰিচালনা কৰা, অংগনৱাড়ী আৰু সহায়িকাসকলৰ চাকৰিৰ নিয়মীয়াকৰণ ইত্যাদি ।

শিলচৰত প্ৰতিবাদ

লগতে চাওকঃঅখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবী আইন ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.