বাক্সা , 3 অক্টোবৰঃ এন ডি এফ বি প্ৰগতিশীলৰ ৩৩ সংখ্যাক প্ৰতিষ্ঠা দিৱস বাক্সা জিলাৰ বৰবৰীৰ ডেজিগনেটেড কেম্পত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হয় ৷ ডেজিগনেটেড কেম্পত সাংগঠনিক সম্পাদক নিৰেণ চৈনাৰীয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত পতাকা উত্তোলন কৰে সভাপতি ধীৰেণ বড়োৱে ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত ধীৰেণ বড়োৱে কয় যে এন ডি এফ বি (পি) ৰ মাজত বিভাজন হৈছে যদিও সাংগঠনিক নীতিনিয়মৰ কোনো সলনি হোৱা নাই ৷ তেঁও লগতে উল্লেখ কৰে যে এন ডি এফ বি প্ৰগতিশীলে চৰকাৰৰ লগত আলোচনা মাজলৈ আহিছে, সেয়েহে সময়ে সময়ে চৰকাৰৰ লগত আলোচনা কৰি সোনকালে সমাধানৰ পথ উলিয়াবলৈ প্ৰয়াস কৰিছে সংগঠনটোৱে ৷
লগতে পঢ়কঃগান্ধীজয়ন্তী উপলক্ষে এয়াৰ ইণ্ডিয়াৰ বিশেষ শ্ৰদ্ধাঞ্জলি