বৰমা, 28 ছেপ্তেম্বৰ: লকডাউনৰ সময়ছোৱাত প্ৰকৃতিয়ে যেন লাভ কৰিছে কিছু সকাহ ৷ মানুহৰ সমাগম, যানবাহনৰ চলাচল স্তব্ধ হৈ পৰাত বতৰো কিছু সুস্থিৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ চৰাইজাকে মুক্তমনে উৰিছে,নৈৰ পানী যেন নিৰ্মল হৈ পৰিছে ৷
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ এখন ঠাইতো মনোমোহা দৃশ্য দেখিবলৈ পোৱা গৈছে ৷ এই ঠাইখিনি হৈছে পাগলা আৰু দিয়া নদীৰ সংগমস্থলী ‘চৌকী’ । প্ৰতিবছৰে ৰাজ্যৰ তথা বিদেশী পৰ্যটকৰ এই ঠাইখিনিলৈ আগমণ ঘটে ৷
অৱশ্যে কৰ’ণা মহামাৰীৰ বাবে এইবাৰ চৌকীলৈ আগমণ ঘটা নাই কোনো পৰ্যটক বা বনভোজকাৰী দলৰ ৷ মানুহৰ সমাগম আৰু যান-বাহনৰ চলাচল বন্ধ হোৱাত চৌকীত এতিয়া দেখিবলৈ পোৱা গৈছে সৌন্দৰ্যৰ সমাহাৰ ৷ চাৰিওফালে মাথো সেউজীয়া আৰু সেউজীয়া ৷ হিমালয়ৰ শাৰী শাৰী সেউজীয়া নৈসৰ্গিক পৰিৱেশ আৰু পাগলাদিয়া নৈৰ কুলু-কুলু ধ্বনিৰে অধিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চৌকী ৷ লকডাউনৰ সময়ছোৱাত বনভোজস্থলী চৌকীয়ে যেন প্ৰদান কৰিছে এক অনন্য মাত্ৰা ।
লগতে পঢ়ক: 492 বছৰীয়া বকুল বৃক্ষৰ মহাপ্ৰয়াণত ভোগপুৰ সত্রত শোকৰ ছাঁ