ETV Bharat / state

বৰমাত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যাঃ জেললৈ পতি-পত্নী

বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত উত্তেজনা

author img

By

Published : Aug 2, 2019, 11:22 PM IST

বাক্সাৰ বৰমাত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যা

বাক্সা, 2 আগষ্টঃ বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱত এগৰাকী 12 বছৰীয়া কিশোৰীয়ে ডিঙিত চীপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে ৷ বৰমা আৰক্ষীয়ে এতিয়ালৈকে আত্মহত্যাৰ কাৰণ স্পষ্টকৈ জানিব পৰা নাই যদিও অন্য এক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ তথ্য অনুসৰি, বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱৰ ভুপেন ৰামছিয়াৰী আৰু তেওঁৰ পত্নী কাবেৰী হাজৰীকা ৰামছিয়াৰীয়ে পোন্ধৰ মাহ পূৰ্বে চতিয়াৰ পৰা পিতৃ - মাতৃ নোহোৱা জুবী বৰমুদৈ নামৰ বাৰ বছৰীয়া নাবালিকা গৰাকীক নিজ গৃহলৈ লৈ আনি ঘৰুৱা সকলো কাম কণমানিজনীক কৰিবলৈ দিয়াৰ লগতে লঘু দোষতে শাস্তি বিহিছিল ৷ ঘটনা সংক্ৰান্তত শিশু সুৰক্ষা বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত দুই পতি পত্নীক শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷

Intro:বৰমাত স্বামী স্ত্ৰীক জেল হাজোতলৈ প্ৰেৰণঃBody:বৰমা ২ আগষ্টঃ
বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁওত এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে ডিঙিত চীপ লৈ আত্মহত্যা কৰাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰি আছে সমগ্ৰ বৰমা অঞ্চলতে ৷কি কাৰনত নাবালিকা গৰাকীয়ে আত্ম হত্যা কৰিলে তাকে লৈ সকলোৰে মাজত চলিছে বু বা ৷ বৰমা আৰক্ষীয়ে আত্মহত্যা কৰাৰ ঘটনাটোৰ উহ বিচাৰি যোৱা ২৭ জুলাইৰ পৰা চলাই আছে তদন্ত ৷তদুপৰি এই কথা বাকসা জিলা শিশু সুৰক্ষা বিভাগে জানিব পাৰি নিজা ববীয়াকৈ এক তদন্ত কৰি অৱশেষত যোৱা ১ আগষ্টত পাছত বৰমা থানাত এখন এজাহাৰ দাখিল কৰে। এই তদন্তত পোহৰলৈ আহিল জুবী বৰমুদৈ নামৰ কিশোৰী গৰাকীৰ আত্ম হত্যাৰ আৰত থকা প্ৰকৃত কাহিনীৰ কথা ৷
বাক্সা জিলাৰ বৰমা নিজ জুলুকী গাওৰ ভুপেন ৰামছিয়াৰী আৰু তেওৰ পত্নী কাবেৰী হাজৰীকা ৰামছিয়াৰীয়ে পোন্ধৰ মাহ পূৰ্বে চতিয়াৰ পৰা আনিছিল পিতৃ - মাতৃ নোহোৱা জুবী বৰমুদৈ নামৰ বাৰ বছৰীয়া নাবালিকাক ৷ বৰমালৈ আনি আইনৰ ৰোষত পৰাৰ ভয়ত পঞ্চম শ্ৰেণীত নাম লগাই দিছিল জুবীক ৷ কিন্তু ঘৰুৱা সকলো কাম বন কৰিব লাগিছিল কন মানি জুবীয়ে ৷ আনকি লঘু দোষতো গুৰু শাস্তি পাইছিল জুবীয়ে ৷ অৱশেষত ২৭ জুলাইত দিনৰ এঘাৰ মান বজাত নিজ জুলুকীৰ ভুপেন ৰামছিয়াৰীৰ নিজ বাসগৃহত ডিঙিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় জুবীৰ মৃতদেহ ৷ জুবী নামৰ নাবালিকা গৰাকীয়ে পখিলা খেদা বয়সতে কি ৰহস্য জনিত কাৰনত চীপ লৈ আত্ম হত্যা কৰিলে তাকে লৈ আৰক্ষীয়ে চলাই আছিল গভীৰ তদন্ত ৷ অৱশেষত শিশু সুৰক্ষা বিভাগৰ এজাহাৰৰ ভিত্তুত জুবীৰ আত্মহত্যাৰ আঁৰত দুই পতি পত্নী ভুপেন ৰামছিয়াৰী আৰু কাবেৰী হাজৰীকা ৰামছিয়াৰী জড়িত থকাৰ উমান লাভ কৰি শুক্ৰবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে বৰমা আৰক্ষীয়ে ৷
বাইট --শিশু সুৰক্ষা বিষয়া, বাকসা জিলা,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বৰমা থানা ৷Conclusion:বাক্সা জিলা শিশু সুৰক্ষা মঞ্চই ঘটনাটো গুৰুত্ব সহকাৰে লয় আৰু আৱশেষত বৰমা থানাত কেছ ৰুজু কৰে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.