ETV Bharat / state

বাক্সাত দ' খাৱৈৰ পৰা উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ - Etv Bharat

বাক্সাত পানীত পৰি মৃত্যু একলব্য স্কুলৰ এগৰাকী ছাত্ৰীৰ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ছাত্ৰীগৰাকী নিহত হোৱাৰ অভিযোগ পৰিয়ালৰ ৷

বাক্সাত দ খাৱৈৰ পৰা উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ
author img

By

Published : Jul 20, 2019, 4:07 AM IST

  • বাক্সাৰ দলবাৰী একালব্য মডেল ৰেচিডেঞ্চিয়েল বিদ্যালয়খনৰ চৌহদত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ
  • 17 জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী
    বাক্সাত দ খাৱৈৰ পৰা উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ
  • শুকুৰবাৰে বিদ্যালয় চৌহদৰ বাহিৰৰ দ খাৱৈৰ পৰা উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ
  • ছাত্ৰীগৰাকী দলবাৰী একালব্য মডেল ৰেচিডেঞ্চয়েল বিদ্যালয়ৰ দশম শ্ৰেণীৰ ডামিনী বসুমতাৰী
  • এজনী বান্ধবীৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ সময়তে দ খাৱৈত পৰে ছাত্ৰীগৰাকী
  • বান্ধৱীগৰাকীয়ে পুনৰ বিদ্যালয়লৈ আহি ঘটনাৰ সম্পৰ্কে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে
  • বিদ্যালয় কৰ্তৃপক্ষই দলবাৰী আৰক্ষীক খবৰ দিয়ে যদিও উদ্ধাৰ হোৱা নাছিল ছাত্ৰীগৰাকী
  • অৱশেষত শুকুৰবাৰে দ' খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰীগৰাকীৰ মৃতদেহ

Intro:বাক্সা জিলাৰ একলব্য স্কুলৰ ছাত্ৰী পানীত পৰি মৃত্যুBody:বাগছাত পানীত পৰি ছাত্ৰীৰ মৃত্যু # নিৰাপত্তাহীনতাত কেন্দ্ৰীয় একালব্য মডেল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী # বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ছাত্ৰী নিহত হোৱাৰ অভিযোগ পৰিয়ালৰ # 

বৰমা, ১৯ জুলাইঃ
-কি পৰিবেশত আছে কেন্দ্ৰীয় বিদ্যালয় সমুহ? কোনো  নিৰাপত্তা নাই নেকি এনে বিদ্যালয়ত?  কেন্দ্ৰীয় চৰকাৰী আৱাসিক বিদ্যালয়ৰ এগৰাকী দশম শ্ৰেনীৰ ছাত্ৰীৰ বিদ্যালয় চৌহদৰ বাহিৰৰ দ খাৱৈত পৰি মৃত্যু হোৱাৰ পাচত  ৰাইজৰ মাজত উত্থাপিত হৈছে এনে বহু প্ৰশ্ন ৷ 

বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত দলবাৰীত ২০০৩ চনতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত একালব্য মডেল ৰেচিডেঞ্চিয়েল নামৰ বিদ্যালয় খন স্থাপন হৈছিল ৷ বিদ্যালয় খন স্থাপনৰ দিনৰে পৰা ছাত্ৰ ছাত্ৰী বিদ্যালয় চৌহদৰ পৰা পলায়নকে ধৰি কেবাটাও ঘটনা সংঘটিত হৈ অহাৰ পাছত পুনৰ  বিদ্যালয় খনৰ এগৰাকী দশম শ্ৰেনীৰ ছাত্ৰীৰ ১৭ জুলাইৰ পৰা নিৰুদ্বেশ হোৱাৰ পাচত  বিদ্যালয় চৌহদৰ বাহিৰৰ দ খাৱৈত ছাত্ৰী গৰাকীৰ মৃতদেহ শুক্ৰবাৰে উদ্ধাৰ হোৱাত তীব্য তাঞ্চল্যৰ সৃষ্টি হৈছে  সমগ্ৰ অঞ্চলটোত ৷

দলবাৰী একালৱ্য মডেল ৰেচিডেঞ্চয়েল কেন্দ্ৰীয় বিদ্যালয় খনৰ দশম শ্ৰেনীৰ ছাত্ৰী ডামিনী বসুমতাৰীয়ে বিদ্যালয় আবাসগৃহৰ পৰা ১৭ জুলাইত এজনী বান্ধবীৰ সৈতে ওলাই গৈছিল বাহিৰলৈ ৷ বিদ্যালয় খনৰ পিচপিনেৰে ছাত্ৰী দুগৰাকীয়ে পলায়ন কৰাৰ পিচপিনে থকা দ খাৱৈত পৰে ডামিনীয়ে ৷  বান্ধৱী গৰাকীয়ে পুনৰ বিদ্যালয়লৈ আহি ঘটনাটো অৱগত কৰে বিদ্যালয় কৰ্তৃপক্ষক ৷ বিদ্যলয় কৰ্তৃপক্ষই দলবাৰী আৰক্ষী চাৱনিত খবৰ দিয়ে যদিও উদ্ধাৰ হোৱা নাছিৱ ছাত্ৰী গৰাকী ৷ শুক্ৰবাৰে বিদ্যালয় চৌহদৰ বাহিৰৰ দ খাৱৈত ছাত্ৰী গৰাকীৰ মৃত দেহ উদ্ধাৰৰ পাচত  বিদ্যলয় কৰ্তৃপক্ষৰ দায়িত্ব হীনতাৰ বাবে ছাত্ৰী গৰাকীয়ে অকাল মৃত্যুক সাৱতিব লগা হল বুলি মন্তব্য কৰে নিহত ছাত্ৰী গৰাকীৰ মাতৃয়ে ৷ মাতৃ গৰাকীয়ে লগতে বিদ্যালয় খনৰ চৌহদত বেৰ নথকাৰ লগতে নৈশ চকিদাৰৰ ও ব্যৱস্থা নথকা বাবে এনে ঘটনা সংঘটিত হবলৈ পালে বুলি মন্তব্য কৰে ৷

বাইট -- নিহত ছাত্ৰী গৰাকীৰ মাতৃ Conclusion:পানীত পৰি ছাত্ৰীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছা পৰিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.