ETV Bharat / state

"প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ"- আদৰ্শ দেখুৱাইছে বাক্সাৰ মডাৰ্ণ ইংলিছ স্কুলে

বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয় ৷ প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ ৷ প্লাষ্টিকৰ বিৰুদ্ধে সজাগ হ'লে বিজ্ঞান বিষয়ত অতিৰিক্ত পাঁচ নম্বৰ ৷ "প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ"- এই লক্ষ্যৰে বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ ৷

বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয়
author img

By

Published : Oct 2, 2019, 11:37 PM IST

বাক্সা, 2 অক্টোবৰঃ বাক্সাৰ ব্যক্তিগত খণ্ডৰ এখন ব্যতিক্ৰমী বিদ্যালয় ৷ বিদ্যালয়খনৰ কামকাজে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ৷ প্লাষ্টিকৰ অপকাৰিতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ এক বিৰল প্ৰয়াস আৰম্ভ হৈছে বিদ্যালয়খনত ৷ "প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ"- এই লক্ষ্যৰে বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ ৷ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ নিকাছিত অৱস্থিত এই বিদ্যালয়খনৰ নাম হৈছে মডাৰ্ণ ইংলিছ স্কুল ৷ নিকাছি অঞ্চলৰ কেইজনমান শিক্ষিত নিৱনুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনে জন্মলগ্নৰে পৰা প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি আহিছে ৷ বিশেষকৈ প্লাষ্টিকে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছিল এক ব্যতিক্ৰমী পদক্ষেপ ৷ ইপিনে বিদ্যালয়ত প্লাষ্টিক নিষিদ্ধ কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজৰ ঘৰখন প্লাষ্টিকমুক্ত কৰিবলৈ দিছিল নিৰ্দ্দেশনা ৷

বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয়

ইতিমধ্যে বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালে নিজৰ ঘৰত নাম ফলক আঁৰি প্লাষ্টিকমুক্ত কৰাৰ বাবে চলাই আহিছে বিৰল প্ৰয়াস ৷ এইক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকলেও সহাৰি জনাইছে ৷ নিজৰ ঘৰলৈ অনা প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ বস্তাত ভৰাই এঠাইত জমা কৰি ৰাখিছে পৰিয়ালসমূহে ৷ উল্লেখ্য যে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ নিৰ্দেশ অনুসৰি কাম কৰিছে তেওঁলোকে বিজ্ঞান বিষয়ত লাভ কৰিব অতিৰিক্ত পাঁচ নম্বৰ ৷ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে তেনে সময়তে বাক্সাৰ মডাৰ্ণ ইংলিছ স্কুলৰ এনে ব্যতিক্ৰমী প্ৰয়াসে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে ৷

Intro:বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয়Body:বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয়
প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ
প্লাষ্টিকৰ বিৰুদ্ধে সজাগ হ'লে বিজ্ঞান বিষয়ত অতিৰিক্ত পাঁচ নম্বৰ
বাক্সা, ১ অক্টোবৰ
ব্যক্তিগত খণ্ডৰ এখন ব্যতিক্ৰমী বিদ্যালয় ৷ বিদ্যালয়খনৰ কামকাজে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ৷ প্লাষ্টিকৰ অপকাৰিতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ এক বিৰল প্ৰয়াস আৰম্ভ হৈছে বিদ্যালয়খনত ৷ প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ এই লক্ষ্যৰে বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ ৷
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিকাছিত অৱস্থিত এই বিদ্যালয়খনৰ নাম হৈছে মডাৰ্ণ ইংলিছ স্কুল ৷ নিকাছি অঞ্চলৰ কেইজনমান শিক্ষিত নিৱনুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনে জন্মলগ্নৰে পৰা প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি আহিছে ৷ বিশেষকৈ প্লাষ্টিকে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষনৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহন কৰিছিল এক ব্যতিক্ৰমী পদক্ষেপ ৷ পদক্ষেপ অনুসৰি গ্ৰহন কৰা হৈছিল প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিকমুক্ত ঘৰ ৷ বিদ্যালয়ত প্লাষ্টিক নিষিদ্ধ কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে নিজৰ ঘৰখন প্লাষ্টিকমুক্ত কৰিবলৈ দিছিল নিৰ্দেশণা ৷ প্ৰতিটো পৰিয়ালৰ বাটচ'ৰাত প্লাষ্টিকমুক্ত ঘৰ বুলি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নাম ঠিকনা লিখা একোখন চাইনবোৰ্ড আঁৰি দিয়া বাধ্যতামুলক ৷ জানিব পৰা মতে ইতিমধ্যে বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিয়ালে কাৰ্যকৰী কৰিছে বিদ্যালয়ৰ নিৰ্দেশ ৷ নিজৰ ঘৰত নাম ফলক আঁৰি প্লাষ্টিকমুক্ত কৰাৰ বাবে চলাই আহিছে বিৰল প্ৰয়াস ৷ এইক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলেও সহাৰি জনাইছে ৷ নিজৰ ঘৰলৈ অনা প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ বস্তাত ভৰাই এঠাইত জমা কৰি ৰাখিছে পৰিয়াললমুহে ৷ বিদ্যালয়খনৰ এগৰাকী শিক্ষকে জানিব দিয়া মতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ নিৰ্দেশ অনুসৰি কাম কৰিছে তেওঁলোকে বিজ্ঞান বিষয়ত লাভ কৰিব অতিৰিক্ত পাঁচ নম্বৰ ৷ উল্লেখ্য যে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে তেনেসময়তে বাক্সা জিলাৰ মডাৰ্ণ ইংলিছ স্কুলৰ এনে ব্যতিক্ৰমী প্ৰয়াসে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
বাইট----ছাত্ৰ/ অভিভাৱক/ শিক্ষক ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.