ETV Bharat / state

বাক্সাৰ এগৰাকী সাহিত্যিকৰ কৰুণ কাহিনী - ৰজত জ্যোতি মজুমদাৰ

আৰ্থিক দৈন্যতাই স্তব্ধ কৰিছে চৈধ্যখনকৈ গ্ৰন্থ লিখা সাহিত্যিক গৰাকীৰ কলম ৷

বাক্সাৰ এগৰাকী সাহিত্যিকৰ কাহিনীৰে
author img

By

Published : Oct 15, 2019, 9:16 PM IST

Updated : Oct 16, 2019, 2:58 PM IST

বৰমা,15 অক্টোবৰঃ বাক্সাৰ এগৰাকী সাহিত্যিকৰ কৰুণ কাহিনী ৷ সাহিত্যিক গৰাকীৰ নাম ৰজত জ্যোতি মজুমদাৰ ৷ তেওঁ লিখিছিল চৈধ্যখনকৈ গ্ৰন্থ কিন্তু আৰ্থিক দৈন্যতাৰ বাবে স্তব্ধ হৈ পৰিছে তেওঁ আৰু তেওঁৰ সাহিত্য ৷

বাক্সাৰ এগৰাকী সাহিত্যিকৰ জীৱন গাথা

এসময়ত বৰমাত তেওঁ আৰম্ভ কৰিছিল এখন কিতাপৰ দোকান ৷ সেই সময়ত বৰমা অঞ্চলত তেনেকৈ কোনো কিতাপৰ দোকান নাছিল ৷ সেই ঠাইত বহিয়ে মানুহজনে আৰম্ভ কৰিছিল সাহিত্যৰ সাধনা ৷ অবিভক্ত নলবাৰী জিলাৰ নমাটি গাঁওৰ ৰজত জ্যোতি মজুমদাৰে গ্ৰাহক নথকা অৱস্থাত উলিয়াই লৈছিল কাগজ কলম ৷ অসম আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ মজুমদাৰে লিখি গৈছিল এখনৰ পিচত আনখন উপন্যাস, নাটক ৷ সৃষ্টি হৈছিল 'প্ৰেম নহয় বেদনা','ৰঙীণ সপোন', 'ওঠৰ হাঁহিত ডেকাৰ মৰম', 'জোন আৰু জোনাকী', 'মধুৰ জীৱনৰ লহৰ','মাতৃভূমি'কে ধৰি চৈধ্যখনকৈ জনপ্ৰিয় উপন্যাস আৰু নাটক ৷ সমগ্ৰ অঞ্চলটোতে ৰজত জ্যোতি মজুমদাৰৰ ৰচিত উপন্যাস আৰু নাটকে সমাদৰ লাভ কৰিছিল ৷ কিন্তু যান্ত্ৰিকতাৰ পৃথিৱীত ৰজত জ্যোতি মজুমদাৰৰ ব্যৱসায় ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰিলে ৷ বৰমাত টিকিব নোৱাৰি নিজ গৃহ নমাটিলৈ গুচি আহিল মজুমদাৰ ৷ পৰিয়াল চলাব নোৱাৰি চৌদিশে কেৱল অন্ধকাৰ ৷ অৱস্থাই জুৰুলা নকৰা হ'লে হয়তো আৰু বহুতো মূল্যবান গ্ৰন্থৰ সৃষ্টি হ'লহেতেন তেওঁৰ দ্বাৰা ৷ পৰিয়াল চলাবলৈ দিন হাজিৰা কৰি অৱশেষত বাক্সা জিলাৰ কদমত'ল চ'কত আৰম্ভ কৰিছে এখন পান দোকান ৷

Intro:বাক্সাৰ এগৰাকী সাহিত্যিকৰ জীৱন গাথাঁঃBody:বাক্সাৰ এগৰাকী সাহিত্যিকৰ জীৱনগাঁথা
চৈধ্যখন গ্ৰন্থৰ প্ৰনেতা এতিয়া সাধাৰণ পান দোকানী

বাক্সা, ১৫ অক্টোবৰঃ
অসম আন্দোলনৰ সময়ৰ কথা ৷ মানুহজনে ব্যৱসায়ৰ বাবে আহিছিল বৰমালৈ ৷ আৰম্ভ কৰিছিল এখন সৰু কিতাপৰ দোকান ৷ বৰমা হাইস্কুলৰ সম্মুখত আছিল দোকানখন ৷ সেই সময়ত বৰমা অঞ্চলত তেনেকৈ নাছিল কিতাপৰ দোকান ৷ এতিয়া চিনচাব নোহোৱা সেই ঠাইটুকুৰাত বহিয়ে মানুহজনে আৰম্ভ কৰিছিল সাহিত্য সাধনাৰ ৷
হয় ৷ এই দোকানখনৰ গৰাকী আছিল ৰজত জ্যোতি মজুমদাৰ ৷ অবিভক্ত নলবাৰী জিলাৰ নমাটি গাঁওৰ ৰজত জ্যোতি মজুমদাৰে গ্ৰাহক নথকা অৱস্থাত উলিয়াই লৈছিল কাগজ কলম ৷ অসম আন্দোলনৰ দ্বাৰা অনুপ্ৰানিত হৈ মজুমদাৰে লিখি গৈছিল এখনৰ পিচত আনখন উপন্যাস, নাটক ৷ সৃষ্টি হৈছিল প্ৰেম নহয় বেদনা, ৰঙীণ সপোন, ওঠৰ হাঁহিত ডেকাৰ মৰম, জোন আৰু জোনাকী, মধুৰ জীৱনৰ লহৰ, মাতৃভূমিকে ধৰি চৈধ্যখনকৈ জনপ্ৰিয় উপন্যাস আৰু নাটক ৷ সমগ্ৰ অঞ্চলটোতে ৰজত জ্যোতি মজুমদাৰৰ ৰচিত উপন্যাস আৰু নাটকে সমাদৰ লাভ কৰিছিল ৷ কিন্তু যান্ত্ৰিকতাৰ পৃথিৱীত ৰজত জ্যোতি মজুমদাৰৰ ব্যৱসায় ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰিলে ৷ বৰমাত টিকিব নোৱাৰি নিজ গৃহ নমাটিলৈ গুচি আহিল মজুমদাৰ ৷ পৰিয়াল চলাব নোৱাৰি চৌদিশে দেখিলে কেৱল অন্ধকাৰ ৷ যেন নিজেই হব এখন উপন্যাসৰ নায়ক ৷ পৰিয়াল চলাবলৈ দিন হাজিৰা কৰি অৱশেষত বাক্সা জিলাৰ কদমত'ল চ'কতে আৰম্ভ কৰিছে এখন পান দোকান ৷ ফলত আৰ্থিক দীনতাই স্তব্ধ কৰিছে মজুমদাৰৰ কলম ৷ আৰ্থিক অৱস্থাই জুৰুলা নকৰা হলে হয়তো আৰু কেবাখনো মূল্যবান গ্ৰন্থৰ সৃষ্টি হ'লহেতেন ৷ পিচে আৰ্থিকভাৱে জুৰুলা কৰা ৰজত জ্যোতি মজুমদাৰৰ খবৰ লবলৈ আজি আহৰি নাই চৰকাৰী কৰ্তৃপক্ষ কিম্বা দল- সংগঠনৰ ৷
বাইট- ৰজত জ্যোতি মজুমদাৰ ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাৰ এগৰাকী সাহিত্যিকৰ জীৱন গাথাঁঃ
Last Updated : Oct 16, 2019, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.