বাক্সা, 14 চেপ্তেম্বৰঃ বিসংগতি পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এন আৰ চিৰ নামত ভাৰতৰ ভূমিপুত্ৰ হিন্দু বাঙালী সকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্বনৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত শনিবাৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। শনিবাৰে আবেলি আঙাৰকাটাৰ লক্ষ্মীনাৰায়ণপুৰত থকা ছহিদ গৌৰাংগ মণ্ডল স্মৃতি সৌধ প্ৰাংগণত অনুষ্ঠিত এই ধৰ্মঘট কাৰ্যসূচীত এন আৰ চিৰ নামত হিন্দু বাঙালী সকলক হাৰাশাস্তি কৰা নচলিব,বিসংগতি পূৰ্ণ এন আৰ চি বাতিল কৰক,প্ৰতীক হাজেলা হায় হায়,অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
