ETV Bharat / state

বড়ো ওমেন জাষ্টিচ ফৰামৰ প্ৰথমগৰাকী সম্পাদিকাৰ ২৪ তম মৃত্যু বাৰ্ষিকী

author img

By

Published : Dec 22, 2020, 5:11 PM IST

বড়ো ওমেন জাষ্টিচ ফৰামৰ প্ৰাক্তন সম্পাদিকা তথা শ্বহীদ গোলাপী বসুমতাৰীৰ ২৪ তম মৃত্যু বাৰ্ষিকী । ১৯৯২ চনত প্ৰতিষ্ঠা লাভ কৰা ওমেন জাষ্টিচ ফৰামৰ প্ৰথমগৰাকী সম্পাদিকা আছিল গোলাপী বসুমতাৰী ।

ছহিদ গোলাপী বসুমতাৰীৰ স্মৃতিবেদীত বন্তি প্ৰজ্বালন
baksa_memorable_day

বাক্সা, ২২ ডিচেম্বৰ: বড়ো ওমেন জাষ্টিচ ফৰামৰ প্ৰাক্তন সম্পাদিকা তথা শ্বহীদ গোলাপী বসুমতাৰীৰ আজি ২৪ তম মৃত্যু বাৰ্ষিকী । ১৯৯৬ চনৰ ২২ ডিচেম্বৰত শ্বহীদ গোলাপী বসুমতাৰীয়ে গাড়ীৰে গৈ থকা অৱস্থাত কোনো অস্ত্ৰধাৰী দুৰ্বৃত্তই দিন দুপৰতে বৰমাৰ সমীপত কালজাৰ (কতবাৰী) গাৱত গাড়ীৰ পৰা নমাই হত্যা কৰিছিল গোলাপী বসুমতাৰীক । আততায়ীৰ হাতত এইদৰে প্ৰাণ বিসৰ্জন দিয়া গোলাপী বসুমতাৰীৰ মৃত্যু বাৰ্ষিকীত বাক্সা জিলাৰ বৰিমাখাত মংগলবাৰে অনুষ্টুপীয়াকৈ পালন কৰা হয় ২৪ তম স্মৃতিচাৰণ দিৱস ।

শ্বহীদ বসুমতাৰীৰ স্মৃতিবেদীত বন্তি প্ৰজ্বালন কৰে বাক্সা জিলা ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী মিজিংঠি গয়াৰীয়ে, মাল্যাৰ্পণ কৰে সম্পাদিকা বালিকা নাৰ্জাৰীয়ে ৷

উল্লেখ্য যে ১৯৯২ চনত প্ৰতিষ্ঠা লাভ কৰা ওমেন জাষ্টিচ ফৰামৰ প্ৰথম গৰাকী সম্পাদিকা আছিল গোলাপী বসুমতাৰী ।

লগতে পঢ়ক: যোৰহাটত উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.