বাক্সা,31জুলাই: বাক্সাৰ বৰমাৰ জাৰিপাৰাত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন কৃষক গুৰুতৰভাৱে আহত হয় ৷ আহত কৃষক ৰমা ব্ৰহ্মক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷
প্ৰাপ্ত তথ্য অনুসৰি,কৃষক ৰমা ব্ৰহ্মই পথাৰলৈ গৈ থকাৰ সময়তে আনন্দপুৰৰ পৰা আহি থকা এখন বাইকে পচণ্ড জোৰেৰে খুন্দা মাৰে ৷ AS-14-K9654 নম্বৰৰ বাইকখনৰ আৰোহী টিংকু ৰাজবংশীয়ে কাণত হেডফোন লগাই আহিছিল বুলি স্থানীয় লোকে মন্তব্য কৰে ৷
অন্য এক খবৰৰ বাবে: বঙাইগাঁৱৰ বাশবাৰীত নাও দুৰ্ঘটনা
ইফালে,বাইকৰ খুন্দাত কৃষকজনে মূৰ,ভৰি,বুকুত গুৰতৰভাৱে আঘাত পাই ৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই কৃষকজনক সংকটজনক অৱস্থাত বৰমা আদৰ্শ চিকিসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷