ETV Bharat / state

বাক্সাত এছ এছ বিৰ দ্বাৰা নিবনুৱা যুৱকক গাহৰি পোৱালী বিতৰণ

author img

By

Published : Mar 7, 2020, 11:38 PM IST

বাহিনীটোৰ কমাণ্ডেন্ট অচিন্ত্য মিত্ৰই শুভ উদ্বোধন কৰা প্ৰশিক্ষণ কৰ্মশালাত সীমান্ত অঞ্চলৰ ১২ জন যুৱকক প্ৰশিক্ষণ দিয়া হয় ৷

নিবনুৱা যুৱকক গাহৰি পোৱালী বিতৰণ
নিবনুৱা যুৱকক গাহৰি পোৱালী বিতৰণ

বৰমা, ৭ মাৰ্চঃ বাক্সা জিলাৰ সীমান্ত অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে এছ এছ বিৰ ২৭ নং বাহিনীয়ে চলিত মাহৰ ২ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ মুছলপুৰত গাহৰি পালন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰে ৷ বাহিনীটোৰ কমাণ্ডেন্ট অচিন্ত্য মিত্ৰই শুভ উদ্বোধন কৰা প্ৰশিক্ষণ কৰ্মশালাত সীমান্ত অঞ্চলৰ ১২ জন যুৱকক প্ৰশিক্ষণ দিয়া হয় ৷ এছ এছ বিৰ চিভিক একচন আঁচনিৰ অধীনত প্ৰশিক্ষনৰ অন্তত শনিবাৰে প্ৰতিজন প্ৰশিক্ষাৰ্থীক তিনিটাকৈ গাহৰিৰ পোৱালি প্ৰদান কৰে এছ এছ বিয়ে ৷ কমাণ্ডেন্ট অচিন্ত্য মিত্ৰই জানিব দিয়া মতে, সীমান্ত অঞ্চলৰ দুখীয়া লোকসকলৰ উন্নয়নেই হৈছে চিভিক একচন আঁচনিৰ মূল লক্ষ্য ৷

নিবনুৱা যুৱকক গাহৰি পোৱালী বিতৰণ

শনিবাৰৰ এই অনুস্থানত উপস্থিত থাকে বাক্সা জিলাৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰবিন্দ নথ মোছাহাৰী, অৱসৰ প্ৰাপ্ত পশু চিকিৎসক ডা: গজন বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.