ETV Bharat / state

বাক্সাত স্বাস্থ্য বিভাগৰ সৌজন্যত ধঁপাত নিয়ন্ত্ৰণৰ কৰ্মশালা

author img

By

Published : Dec 26, 2021, 1:52 PM IST

ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত হয় ধঁপাত নিয়ন্ত্ৰণৰ এক বিশেষ শিবিৰ (Awarness programme against uses of Tobacco)।

বাক্সাত স্বাস্থ্য বিভাগৰ ধপাত নিয়ন্ত্ৰণৰ কৰ্মশালা

বাক্সা, 26 ডিচেম্বৰ : শেহতীয়াকৈ বাক্সাৰ মুছলপুৰৰ জিলা কেন্দ্ৰৰ সভাকক্ষত ধঁপাত নিয়ন্ত্ৰণৰ কাৰণে ল'বলগীয়া সাৱধানতাৰ বিষয় সন্দৰ্ভত অনুষ্ঠিত হয় এক বিশেষ কৰ্মশালা (Awarness programme against uses of Tobacco) ৷ এই কৰ্মশালাত ধঁপাত সেৱনৰ ফলত হোৱা কাৰকসমূহৰ বিষয়ত আলোচনা কৰা হয় ৷

কৰ্মশালাত উপস্থিত থাকে ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ ব’ৰ্ডৰ নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকা ৷ কৰ্মশালাত নডেল বিষয়াগৰাকীয়ে তথ্যচিত্ৰৰ যোগেদি ধঁপাত সেৱনৰ পৰা হ'ব পৰা কৰ্কট ৰোগৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে ৷

তেওঁ জানিবলৈ দিয়ে যে, ধঁপাত সেৱনৰ ফলত ভাৰতবৰ্ষত বছৰত কমেও ৮ লাখ লোকে নিজৰ জীৱন অকালতে হেৰুৱাবলগীয়া হয় ৷ এনে ভয়াৱহ ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে সকলোৰে মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজন ৷ ধঁপাত সেৱনৰ ফলত হ’ব পৰা মাৰাত্মক কৰ্কট ৰোগক প্ৰতিৰোধ কৰিবলৈ হ'লে প্ৰথমে এই দ্ৰব্য সেৱনকাৰী লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা, দ্বিতীয়তে ৰাজহুৱা স্থান বা শিক্ষা প্ৰতিষ্ঠানসমূহ ধঁপাত মুক্ত কৰাৰ প্ৰয়োজন বুলি সদৰী কৰে ৷

ইয়াৰ লগতে প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় এশ মিটাৰ দূৰৈত ধঁপাতজনিত কোনো বস্তু বিক্ৰী কৰাত বাধা দিয়া, তৃতীয়তে ধঁপাত নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ এক লগ হৈ কাম কৰা আদিৰ প্ৰতিও সমৰ্থন আগবঢ়ায় ৷ তেতিয়াহে এইক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব ৷

এই কৰ্মশালাত বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা, জিলা স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ মুবিদুৰ ৰহমান, জিলাখনৰ জনসংযোগ বিষয়া প্ৰশান্ত দত্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : মৰিগাঁৱত ধপাত নিয়ন্ত্ৰণৰ বিশেষ শিবিৰ অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.