ETV Bharat / state

বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

author img

By

Published : May 17, 2022, 10:38 PM IST

বাক্সা জিলাৰ নিকাছিত অনুষ্ঠিত গোৰ্খাসকলৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন (27th Annual Session of Gorkhas held in Baksa)| উদুলি-মুদুলি নিকাছীৰ মণি কুমাৰ চুব্বা সমন্ধয় ক্ষেত্ৰ । মণি কুমাৰ চুব্বা সমন্ধয় ক্ষেত্ৰত লোক সংস্কৃতিৰ সমাহাৰ ।

27th-annual-session-of-gorkhas-held-in-baksa
বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

বাক্সা, 17 মে' : বাক্সাৰ নিকাছিৰ মণি কুমাৰ চুব্বা সমন্ধয় ক্ষেত্ৰত যোৱা ১৫ মে' পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন (27th Annual Session of Gorkhas held in Baksa) ৷ উখল-মাখল নিকাছীৰ মণি কুমাৰ চুব্বা সমন্ধয় ক্ষেত্ৰ ।

উল্লেখ্য যে, এই অধিৱেশনস্থলীত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগম ঘটিছে । ইতিমধ্যে, তিনিটা কেন্দ্ৰত অসম গোৰ্খা সন্মিলনৰ নতুন সমিতিৰ বাবে ভোটদান আৰম্ভ হৈ যায় । এই ভোটদান কাৰ্যসূচীত প্ৰায় তিনি হাজাৰ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে । নতুন সমিতিৰ বাবে সভাপতি পদ তথা সমিতিৰ বিভিন্ন পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে কৃষ্ণ ভূজেল আৰু গনেশ লিম্বুৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে ৷

আনহাতে, উক্ত সন্মিলনখনত গোৰ্খা সকলৰ বিভিন্ন সমস্যাসমূহ উপস্থাপনৰ লগতে গোৰ্খাসকলৰ মূল দাবী গোৰ্খা স্বায়ত্ত্ব পৰিষদ গঠনৰো দাবী উত্থাপন কৰা হ'ব বুলি জানিবলৈ দিছে ৷ ইফালে আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, আগন্তুক ১৮ মে'ত অনুষ্ঠিত হ'বলগীয়া মুকলি অধিৱেশনত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM will be present at Baksa), চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি ।

লগতে পঢ়ক : লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.