ETV Bharat / state

জিএচপিৰ নামত দালালি কৰিছে একাংশ অবড়ো নেতাই: অবড়ো সুৰক্ষা সমিতি

author img

By

Published : May 29, 2022, 11:43 AM IST

অবড়োৰ নামত সংসদ নৱ শৰণীয়া, ঘনশ্যাম দাস, মাধৱ ৰাজবংশীয়ে দালালি কৰাৰ অভিযোগ অবড়ো সুৰক্ষা সমিতিৰ ৷ মিত্ৰতাৰ নামত সাংসদ নৱ শৰণীয়াই লক্ষ লক্ষ অবড়ো লোকক বিক্ৰী কৰাৰ অভিযোগ সমিতিৰ ৷

Aboro Suraksha Samiti press meet at Mushalpur in Baksa
জিএচপিৰ নামত দালালি কৰিছে একাংশ অবড়ো নেতাই : অবড়ো সুৰক্ষা সমিতি

বাক্সা, 29 মে’: বিটিচিত আজি অবড়ো ৰাইজৰ সমঅধিকাৰ নাই ৷ অবড়োৰ নামত সাংসদ হৈ নিজা ইচুত মাত মতা নাই সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ আমি ইয়াত সংখ্যাগৰিষ্ঠতা হৈ আছো ৷ মিত্ৰতাৰ নামত ২২ লক্ষ অবড়ো লোকক বিক্ৰী কৰিছে সাংসদ নৱ শৰণীয়াই ৷ শনিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত অবড়ো সুৰক্ষা সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে(Aboro Suraksha Samiti press meet at Mushalpur) ৷

উক্ত সংবাদমেলযোগে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক(Secretary of Aboro Suraksha Samiti) যোগেশ্বৰ কলিতাই কয় যে, সাংসদ নৱ শৰণীয়া, মাধৱ ৰাজবংশী, ঘনশ্যাম দাস, ললিত হেমৰমৰ কথা অবড়ো ৰাইজে নামানে ৷ ৰাইজে অ-বড়ো সমৰ্থিত হীৰেন শৰণীয়াক ভোট দিয়ক ৷ লগতে অবড়ো সুৰক্ষা সমিতিৰ নামত দালালি কৰা সকলক প্ৰত্যাহ্বান জনায় সংগঠনটোৰ সম্পাদক যোগেশ্বৰ কলিতাই ৷

আনহাতে, অবড়ো সংগঠনৰ মুখপাত্ৰ (Spokesperson of Aboro Suraksha Samiti)জোন দাসে সংবাদমেলযোগে কয় যে, "অবড়ো ৰাইজ আজি জাগি উঠিছে ৷ জিএচপিৰ নামত দালালি কৰিছে একাংশ অবড়ো নেতাই ৷ স্বয়ম্ভু নেতাসকলে ইউ পি পি এল চৰকাৰে অবড়ো ৰাইজক ন্যায় দিব বুলি কৈ ওলোটা খৰ মাৰিলে ৷"

সাংসদ নৱ কুমাৰ শৰণীয়াৰ কাৰ্যকালত ২০১৪ চনৰ পৰা ২০২২ চনলৈ অবড়োৰ এটাও সমস্যা সমাধান নহ'ল ৷ আজি ২২ লক্ষ অবড়ো ৰাইজৰ প্ৰতিনিধি হীৰেন শৰণীয়া ৷ অবড়ো ৰাইজ পংগু হ'ব যদি হীৰেন শৰণীয়া হাৰে ৷ ২০ হাজাৰতকৈ অধিক ভোট দি জয়ী কৰাৰ বাবে অবড়ো ৰাইজক আহ্বান জনায় ৷

উক্ত সংবাদমেলত ২২ নং ককলাবাৰী সমষ্টিৰ অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়াই কয়, দালাল চক্ৰক ওফৰাই মোক জয়ী কৰক ৷ দালালৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনায় প্ৰাৰ্থী হীৰেণ শৰণীয়াই ৷ উল্লেখ্য যে, ইতিমধ্যে জিএছপি দলে সংবাদমেল যোগে অবড়ো সুৰক্ষা সমিতিক অবৈধ বুলি প্ৰচাৰ কৰিছিল ৷

লগতে পঢ়ক : পীযুষ হাজৰিকাৰ উপস্থিতিত ডিফুত ছয় শতাধিক লোকে যোগ দিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.