ETV Bharat / state

নাট্যকলা পুৰস্কাৰেৰে সন্মানিত হ’ল বাক্সাৰ ছায়াশ্ৰী বসুমতাৰী

আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হ’ল অসমৰ এগৰাকী যুৱতীয়ে (A Baksa girl got Natyakala Award) ৷ মালয়েছিয়াৰ কলা মন্দিৰ ডেন্স একাডেমীৰ নাট্যধ্বনি নৃত্য মহোৎসৱত(Malaysia International Dance Festival) অংশ লৈ দেশলৈ আঁজুৰি আনিলে বঁটা ৷ শুভেচ্ছা পত্ৰ যাঁচিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷

author img

By

Published : Dec 19, 2021, 3:05 PM IST

Girl from Baksa got Natyakala Award
নাট্যকলা পুৰস্কাৰেৰে সন্মানিত হ’ল বাক্সাৰ ছায়াশ্ৰী বসুমতাৰী

বাক্সা, 19 ডিচেম্বৰ : মালয়েছিয়াৰ নৃত্য মহোৎসৱত উজলিল বাক্সাৰ ছায়াশ্ৰী বসুমতাৰী ৷ মালয়েছিয়াৰ কলা মন্দিৰ ডেন্স একাডেমীৰ নাট্যধ্বনি নৃত্য মহোৎসৱ(Malaysia International Dance Festival)ত নাট্যকলা বঁটা লাভ কৰিলে ছায়াশ্ৰীয়ে (Baksa girl got Natyakala Award) ৷ ভাৰত নাট্যমৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী এইগৰাকী নৃত্যশিল্পীয়ে বঁটা আঁজুৰি দেশলৈ কঢ়িয়ালে সুনাম ৷

বাক্সা জিলাৰ বৰঘাগ্ৰাৰ মাওচুমা বসুমতাৰীৰ পত্নী ছায়াশ্ৰীয়ে কিছুদিন পূৰ্ৱে মালয়েছিয়াৰ কলা মন্দিৰ ডেন্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত অনলাইন নৃত্য প্ৰতিযোগিতাত অংশ লৈ নাট্যকলা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় (Girl from Baksa got Natyakala Award) ৷ অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা ছায়াশ্ৰী বসুমতাৰীলৈ ইতিমধ্যেই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা ও প্ৰশংসা পত্ৰ প্ৰেৰণ কৰিছে ৷

ছট্টিশগড়ৰ ইন্দিৰা কলা-সংগীত বিশ্ববিদ্যালয়ৰ পৰা ভাৰত নাট্যমত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত 2018-19 বৰ্ষত সেইখন বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ আন্তৰাষ্ট্ৰীয় মঞ্চৰ লগতে দেশৰ বিভিন্ন ৰাজ্যতো নৃত্য অনুষ্ঠানত ভাগ লৈছিল ছায়াশ্ৰীয়ে ৷ বাণাৰস, গোৱা, চেন্নাই, ওড়িশা, ৰাওকেলা, দিল্লীকে ধৰি দেশৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰিছে নৃত্যশিল্পী গৰাকীয়ে ৷

বৰ্তমান নিজ গৃহতে ডেন্স একাডেমী খুলি ভাৰত নাট্যমৰ শিক্ষা প্ৰদান কৰাত ব্যস্ত ছায়াশ্ৰী ৷ নৃত্য চৰ্চাকেই জীৱনৰ লক্ষ্য হিচাপে লৈ আগবঢ়াৰ ইচ্ছা প্ৰকাশ কৰিলে বাক্সাৰ ছায়াশ্ৰী বসুমতাৰীয়ে ৷

লগতে পঢ়ক: Cloth Distribution by Red Cross Society: মহানগৰীত ৰেডক্ৰছ ছ’চাইটিৰ উদ্যোগত বস্ত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.