ETV Bharat / state

ষ্টেট বেংকৰ একাউণ্টৰ পৰাই হেৰাল ধন

ষ্টেট বেংক শাখাৰ দায়িত্বহীনতাৰ বাবে তামুলপুৰৰ যুৱক খগেন বৰ্মনৰ ধন শৰাধ

ষ্টেট বেংকৰ একাউণ্টৰ পৰাই হেৰাল ধন
author img

By

Published : Mar 8, 2019, 11:20 PM IST

তামুলপুৰ, 8 মাৰ্চ: বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ ষ্টেট বেংকৰ শাখাৰ বিৰুদ্ধে দায়িত্বহীনতাৰ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে ৷ যুৱকজনৰ একাউণ্টৰ পৰা বেংকৰ পৰাই আন এজন লোকে ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰামতে খগেন বৰ্মন নামৰ যুৱকজনৰ একাউণ্টৰ পৰা 15 হাজাৰ টকা হঠাতে নাইকিয়া হোৱাত যুৱকজন হতচকিত হৈ পৰে ৷ এই বিষয়ে খগেন বৰ্মনে বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে যদিও বেংকৰ গাণনিকজনে আন এজনে খগেন বৰ্মন নামৰ লোকে নিজৰ চহীৰে টকা আদায় কৰা বুলি প্ৰকাশ কৰে । এনেদৰে নিজৰ একাউণ্টৰ পৰা আনে ধন লুট কৰাত চেন্নাইত কৰ্মৰত যুৱকজন হতাশ হৈ পৰে যদিও বেংক কৰ্তৃপক্ষৰ পৰা সদুত্তৰ লাভ কৰাত বিফল হয় ৷ ফলত উপায়ন্তৰ হৈ এছ বি আইৰ দৰঙামেলা শাখাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ভুক্তভোগী খগেন বৰ্মনে ৷

Intro:বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা SBI শাখা ৰ আজৱ কৰ্মকাণ্ডই ।

Body:জিলাখনৰ তামুলপুৰ মহকুমাত এটা সময়ত একমাত্ৰ SBI বেংক শাখা আছিল ভাৰত ভূটান সীমান্তৰ দৰঙামেলাত ।সেই অনুপাতে বেংকটোৰ গ্ৰাহকৰ সংখ্যাও যথেষ্ট এতিয়া আচল কথাটোলৈ আহো আপোনাৰ যদি SBI বেংকত টকা জমা আছে তেতিয়া হলে সাৱধান হবৰ হল । কাৰণ আপোনাৰ কষ্টৰে উপাৰ্জিত ধন হব পাৰে হৰণলুকী । আপোনাৰ একাউন্ট নম্বৰটো আপোনাৰ দৰে আন এজন একে নামৰ ব্যক্তিয়ে ব্যৱহাৰ কৰি টকা উলিয়াই লৈ যাওঁতে বেছি সময় নালাগিব । এনে এক ঘটনাই ঘটিছে বাক্সা জিলাৰ ভূটান সীমান্তত অৱস্থিত দৰঙামেলা SBI শাখাটোত । ১ নং কাউলী নিবাসী অশোক বৰ্মনৰ পুত্ৰ খগেন বৰ্মনৰ ক্ষেত্ৰত । খগেন বৰ্মণ নামৰ যুৱকজন কৰ্মসূত্ৰে চেন্নাইত এটা ব্যক্তিগত প্ৰতিস্থানৰ কৰ্মচাৰী আৰু তেওঁ ১৩ জানুৱাৰী ২০১৪ চনত দৰঙামেলা SBI শাখাত একাউণ্ট খুলিছিল সেই অনুপাতে সুকলমে লেনদেন কৰি আছিল । কিন্তু ৩০ নৱেম্বৰ ২০১৮ত বেংকৰ পাছবুক UPDATE কৰোঁতে নিজৰ চহীৰে ১৫ হাজাৰ টকা উলিওৱা দেখা পোৱাত চকু কপালত উঠে ।

Conclusion:প্ৰথমে বেংক কৃতপক্ষৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ গুৰুত্ব লাভ নকৰিলে। পিছত আৰু এদিন বেংকটোৰ কেচিয়াৰ জনৰ সৈতে পুণৰ বাৰ যোগাযোগ কৰোঁতে উৰহীৰ গুৰি ওলাই পৰে । তেওঁ অনুসন্ধান কৰি জানিব পাৰিলে যে উক্ত একাউন্ট নম্বৰটো দৰঙামেলাৰ আন এজন খগেন বৰ্মনৰ নামত পঞ্জীয়ন কৰিছে । ইয়াকে দেখি তেওঁ আচৰিত হৈ পৰিল একেটা একাউণ্ট নম্বৰ একে নামৰ দুইজন ব্যক্তিৰ নামত কেনেকৈ হল বুলি । কিন্তু তথাপিও সেইদিনা খন বেংকৰ ফালৰ পৰা খগেন বৰ্মণ নামৰ যুৱকজনক কোনো ধৰণৰ গুৰুত্ব লাভ নকৰিলে বুলি অভিযোগ কৰে । ইতিমধ্যে যুৱক জনে দৰঙামেলা SBI শাখাৰ বিৰুদ্ধে ১৫ ফেব্ৰুৱাৰীত তামুলপুৰ আৰক্ষী থানাত এখনি এজাহাৰ দিয়া বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে পিছত বেংক কৃতপক্ষই কেচটোৰ কথা গম পাই বেংকৰ মেনেজাৰে এদিন যুৱক জনক মাতি নি টকা খিনি ঘুৰাই দিম বুলি কেচটো উঠাই লবলৈ হেছা প্ৰয়োগ কৰা বুলি জানিবলৈ দিয়ে ।

ছাত্ৰ নেতাৰ ভাষ্য : দৰঙামেলা SBI শাখাটোৰ এনেধৰণৰ ঘটনা আগতেও ঘটিছে বুলি কয় । সংগঠনেৰ নেতা গৰাকীয়ে দৰঙামেলা SBI শাখাটো এনে ধৰণৰ কৰ্মকাণ্ডৰ যাতে দুনাই নঘটে তাৰ উচিত তদন্ত কৰি কাউলীৰ যুৱক খগেন বৰ্মণক সঠিক ন্যায় দিবলৈ আহ্বান জনায় ।

ভাষ্য : খগেন বৰ্মণ

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.