ETV Bharat / sports

স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা - টকিঅ’ অলিম্পিক 2020 বাতৰি

ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain) ৷ ব্ৰঞ্জ (Bronze)ৰ পদকতে সীমাবদ্ধ থাকিল অসম কন্যাগৰাকী ৷

Lovlina settles for Bronze
ব্ৰঞ্জৰ পদক লাভ কৰিলে লাভলীনাই
author img

By

Published : Aug 4, 2021, 11:43 AM IST

Updated : Aug 4, 2021, 12:25 PM IST

স্প’ৰ্টছ ডেস্ক, 4 আগষ্ট : হাজাৰ আশা বুকুত বান্ধি অলিম্পিকত ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভেৰে অলিম্পিক যাত্ৰা সামৰিব লগা হয় ৷ বুধবাৰে টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain) ৷ মহিলা বক্সিঙৰ 69 কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ (Bronze)ৰ পদকতে থমকি ৰ’ব লগা হ’ল লাভলীনা ৷

বুছেনাজ চুৰমেনেলীয়ে 5-0ৰ ব্যৱধানত পৰাস্ত কৰিলে লাভলীনাক ৷ বিচাৰকসকলে তুৰ্কী বক্সাৰগৰাকীক 10 পইণ্ট দিয়াৰ লগে লগে প্ৰথম ৰাউণ্ডত লাভলীনা চুৰমেনেলীৰ হাতত পৰাজিত হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়োগৰাকী বক্সাৰে কেতিয়াও ইজনে সিজনৰ মুখামুখি হোৱা নাছিল ৷ বুধবাৰে অনুষ্ঠিত খেলখনতেই দুয়োগৰাকী বক্সাৰ প্ৰথমবাৰৰ বাবে মুখামুখি হয় ৷

23 বছৰীয়া অসম বক্সাৰগৰাকী কিছুদিন পূৰ্বে বিজেন্দৰ সিং (2008) আৰু মেৰী কম (2012)ৰ পাচত পোডিয়াম (Podium) সম্পূৰ্ণ কৰা কেৱল তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল । ভাৰতৰ হৈ বক্সিঙত লাভলীনাৰ এয়া প্ৰথমটো অলিম্পিক পদক ৷ লাভলীনাই এতিয়ালৈকে বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

Muay Thai practitioner হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অসমৰ 23 বছৰীয়া বক্সাৰগৰাকী কিছু দিনৰ পূৰ্বে podium finish সুনিশ্চিত কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল ৷ বিজেন্দৰ সিং (2008) আৰু মেৰী কম (2012)ৰ পাচতে লাভলীনাই podium finish সুনিশ্চিত কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, অসমৰ বাবে এইটোৱে হ'ব অলিম্পিকৰ প্ৰথমটো পদক ৷

23 বছৰীয়া বুছেনাজ চুৰমেনেলীয়ে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুটা সোণৰ পদক অৰ্জন কৰিবলৈ হৈছে ৷ প্ৰাক্তন middlewight (75kg) খেলুৱৈগৰাকী 2015 বৰ্ষতে তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীক অলিম্পিক পদক লাভৰ প্ৰতিশ্ৰুতি দিছিল ৷ ইফালে নিজৰ কেৰিয়াৰত লাভলীনাই এই পৰ্যন্ত world championshipত দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷

লগতে পঢ়ক : লাভলীনালৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

Last Updated : Aug 4, 2021, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.