স্প’ৰ্টছ ডেস্ক, ২৪ জুলাই : নিউজিলেণ্ডক পৰাজিত কৰি টকিঅ' অলিম্পিকত নিজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিলে ভাৰতীয় হকী দলে । শনিবাৰে ৩-২ গ’লৰ ব্যৱধানত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰে । দেশৰ হকী দলটোৰ হৈ হৰমনপ্ৰীত সিঙে প্ৰতিপক্ষক ২৬ আৰু ৩৩ মিনিটত দুটাকৈ গ’ল দিয়ে ।
আনহাতে, ৰূপিন্দৰ পাল সিঙে এটা গ’ল দি ভাৰতীয় দলক জয়ী হোৱাত সহায় কৰে । কেন ৰাছেল(Kane Russell) আৰু ষ্টিফেন জেনেছে(Stephen Jenness) নিউজিলেণ্ড দলৰ জয়ৰ বাবে দলটোক আগবঢ়াই নিয়াৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । অৱশেষত ভাৰতৰ হাতত নিউজিলেণ্ডে পৰাজয় বৰণ কৰে ।
দেওবাৰে অষ্ট্ৰেলিয়াৰে মুখামুখি হ'ব ভাৰতীয় হকী দলটো ।