স্প’ৰ্টছ ডেস্ক, ৩১ জুলাই : শনিবাৰে Tokyo Olympics ত বক্সিঙৰ ৭৫ কিল’গ্ৰাম শাখাত পৰাজয় বৰণ কৰিলে ভাৰতীয় বক্সাৰ পূজা ৰাণী(Pooja Rani)য়ে । চীনা বক্সাৰ লি কিয়ানে(Li Qian) ৫-০ পইণ্টত ভাৰতীয় বক্সাৰগৰাকীক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লি কিয়ানে প্ৰথম ৰাউণ্ডত বিজয়ী হৈ প্ৰতিযোগিতাখনত সুন্দৰ আৰম্ভণি ঘটায় ।
পাঁচগৰাকী বিচাৰকে কিয়ানক ১০ পইণ্ট দিয়াৰ বিপৰীতে পূজাই ৯ পইণ্ট লাভ কৰিবলৈ সক্ষম হয় । প্ৰথম ৰাউণ্ডত পূজা ৰাণীয়ে এটাও পইণ্ট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । দ্বিতীয় ৰাউণ্ডতো লি কিয়ানে পূজাক পইণ্ট লাভৰ সুযোগ দিয়া নাছিল । অন্তিম ৰাউণ্ডত হ'লেও ভাৰতীয় বক্সাৰগৰাকীৰ পৰা ভাল প্ৰদৰ্শন আশা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল ।
আনহাতে, শনিবাৰে পুৰুষৰ ফ্লাইৱেটৰ ৪৮-৫২ কিল’গ্ৰাম শাখাত কলম্বিয়াৰ য়ুবাৰজেন মাৰ্টিনেজৰ হাতত পৰাস্ত হয় ভাৰতৰ অমিত পাংঘাল ।
মাৰ্টিনেজে অন্তিম দুটা ৰাউণ্ডত পাংঘালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোৱাৰ পথ প্ৰশস্ত কৰে । ৪-১ পইণ্টত মাৰ্টিনোজে পাংঘালক পৰাভূত কৰে । চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতৰ বক্সিং দলৰ অন্যতম মহিলা বক্সাৰ মেৰীকম কলম্বিয়াৰ ইনগ্ৰিট ভেলেন্সিয়াৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ।
লগতে পঢ়ক: টকিঅ' অলিম্পিক: নকআউটৰ আশাত বন্দী ভাৰতৰ মহিলা হকী দল