ETV Bharat / sports

টকিঅ' অলিম্পিকৰ সামৰণি অনুষ্ঠানত কোন কোন থাকিব ভাৰতীয় দলত ? - বজৰং পুনিয়া ভাৰতৰ পতাকা বাহক হ'ব

২৩ জুলাইৰ পৰা আৰম্ভ হোৱা টকিঅ' অলিম্পিকৰ দেওবাৰে সামৰণি অনুষ্ঠান (Closing ceremony) আয়োজন কৰা হৈছে । ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযোদ্ধা বজৰং পুনিয়া (Bajrang Punia) ভাৰতৰ পতাকা বাহক হ'ব ।

Indian officials for closing ceremony
টকিঅ' অলিম্পিকৰ সামৰণি অনুষ্ঠান
author img

By

Published : Aug 8, 2021, 6:05 PM IST

স্পৰ্টছ ডেস্ক, ৮ আগষ্ট : সামৰণি পৰিল টকিঅ' অলিম্পিকৰ (Tokyo Olympics) । ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা টকিঅ' অলিম্পিকৰ দেওবাৰে সামৰণি অনুষ্ঠান (Closing ceremony) আয়োজন কৰা হৈছে । ভাৰতীয় সময়মতে বিয়লি ৪.৩০ বজাত আৰম্ভ হৈছে অলিম্পিকৰ সামৰণি অনুষ্ঠান । কিন্তু এই অনুষ্ঠানত ভাৰতীয় দলটোৰ কোন কোন উপস্থিত আছে ?

জানিব পৰা মতে খেলুৱৈৰ সংখ্যা নিশ্চিত কৰা হোৱা নাই যদিও ১০ গৰাকী বিষয়াই অংশগ্ৰহণ কৰাৰ কথা এই অনুষ্ঠানত । উদ্বোধনী অনুষ্ঠানত খেলুৱৈসকলে পিন্ধা পৰম্পৰাগত পোছাকৰ বিপৰীতে তেওঁলোকক সামৰণি অনুষ্ঠানত আৰামদায়ক ট্ৰেক চুটত দেখা যাব । ইফালে অনুষ্ঠানটোত হকী আৰু মল্লযুঁজ দলৰ প্ৰায়বোৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । শনিবাৰে ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযোদ্ধা বজৰং পুনিয়াই (Bajrang Punia) ভাৰতৰ পতাকা বাহক হ'ব ।

ইফালে ভাৰতীয় অলিম্পিক সন্থাৰ (Indian Olympic Association) নিৰ্দিষ্ট প্ৰট'কল অনুসৰি স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাকে (Neeraj Chopra) ধৰি পদক বিজয়ীসকলক অহা বছৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছকে ধৰি ভৱিষ্যতৰ ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ পতাকা বাহক কৰা হ'ব ।

উল্লেখ্য যে, ক'ভিডৰ ভাবুকিৰ প্ৰতি লক্ষ্যৰাখি টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত সীমিত সংখ্যা খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিছিল । পুৰুষৰ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং (Manpreet Singh) আৰু বক্সাৰ চেম্পিয়ন এম চি মেৰী কম (M C Mary Kom) উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বাহক আছিল । লক্ষণীয়ভাৱে পূৰ্বৰ অলিম্পিকতকৈ এইবাৰ উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈয়ে । এইবাৰ এটা সোণৰ পদকসহ সাতটা পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈয়ে ।

লগতে পঢ়ক :HAPPY BIRTHDAY মীৰাবাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.