ETV Bharat / sports

বৰ্তমান টেনিছ পুনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখা নাই : নাডাল - স্পেইনৰ টেনিছ তাৰকা

কৰ'ণা ভাইৰাছৰ ফলত বিশ্বজগতৰ ক্ৰীড়াকলাপ বন্ধ হৈ পৰাৰ মাজতেই স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাডালৰ প্ৰতিক্ৰিয়া ।

very pessimistic that circuit can resume normal activity rafael nadal

author img

By

Published : Apr 27, 2020, 12:25 PM IST

স্পৰ্টছ ডেস্ক, ২৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে এতিয়া কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । ক্ৰীড়া জগততো ইয়াৰ বাৰুকৈ প্ৰভাৱ পৰিলক্ষিত হৈছে । ইতিমধ্য়ে বহু কেইটা প্ৰতিযোগিতা বাতিল কৰাৰ লগতে বহু প্ৰতিযোগিতা স্থগিত কৰা হৈছে । শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাডালে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । নাডালে উল্লেখ কৰিছে, পুনৰ পেচাদাৰী টেনিছ প্ৰতিযোগিতা বৰ্তমান সময়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখা নাই তেঁও । যাক লৈ যথেষ্টে নিৰাশাবাদী মনোভাৱত দেখা পোৱা গৈছে খেলুৱৈগৰাকীৰক ।

বিশ্ব টেনিছ ৰেংকিঙৰ দ্বিতীয় স্থানত থকা নাডালে স্পেনিছ টেনিছ সংস্থাৰ সৈতে অনলাইন বাৰ্তালাপত উল্লেখ কৰে, মোৰ দৃষ্টি ভংগীৰে টেনিছ চাৰ্কিটত স্বাভাৱিক কাৰ্য-কলাপ ঘূৰি অহাক লৈ অত্যন্ত হতাশবোধ অনুভৱ কৰিছো । টেনিছত প্ৰত্যেক সপ্তাহই ভ্ৰমণ কৰিব লাগে, হোটেলত থাকিবলগীয়া হয়, অন্যান্য় দেশলৈ যাত্ৰা কৰিবলগীয়া হয় । যদি দৰ্শকবিহীন ভাৱেও মেচ অনুষ্ঠিত কৰা হয়, তেতিয়াও প্ৰতিযোগিতা আয়োজনৰ বাবে বহু লোক মিলিত হ'বলগীয়া হয় । যিটো উপেক্ষা কৰিব পৰা নায়ায় । আন্তঃৰাষ্ট্ৰীয় স্তৰত এইটো এটা ডাঙৰ সমস্যা যেন অনুভৱ হৈছে মোৰ ।

ইয়াৰ লগতে তেওঁ কয়, আমাৰ বাবে বিগত ডেৰ মাহ অত্য়ন্ত কঠিন আছিল । আমাৰ বাবে এইটো অপূৰণীয় ক্ষতি । আগন্তুক দিনত বহু লোকে নিজৰ চাকৰি হেৰুৱালগীয়া হ'ব পাৰে । ইমান সংখ্য়ক লোকৰ মৃত্য়ু হোৱা দেখিবলৈ পাইছে । এইটো এটা দুখজনক ক্ষণ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.