ETV Bharat / sports

প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত সুমিত নাগাল

author img

By

Published : Aug 20, 2020, 7:59 AM IST

Updated : Aug 20, 2020, 10:59 AM IST

প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত সুমিত নাগাল ৷ পৰাস্ত কৰে চেক গণৰাজ্যৰ জিৰি লেহেকাক ৷

Sumit Nagal enters quarterfinals of Prague Open
প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত সুমিত নাগাল

স্পৰ্টছ ডেস্ক, 20 আগষ্ট : ভাৰতৰ টেনিছ তাৰকা সুমিত নাগালে বুধবাৰে প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ জিৰি লেহেকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷

চেক গণৰাজ্যৰ জিৰি লেহেকাক 5-7, 7-6, 6-3 ছেটত পৰাস্ত কৰে নাগালে ৷ ইয়াৰ পূৰ্বে নাগালে পৰাস্ত কৰে ব্ৰিটেইনৰ জে ক্লাৰ্কক ৷ জয়ৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈ মেচৰ পৰা বাহিৰ হোৱা ক্লাৰ্কৰ বিৰুদ্ধে 6-3, 5-7, 4-1 ছেটত অগ্ৰগতি লৈ আছিল নাগালে ৷

বৃহস্পতিবাৰে পৰৱৰ্তী মেচত তিনিবাৰৰ গ্ৰেণ্ড শ্লাম জয়ী ষ্টেন ৱাৰিংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব নাগাল ৷ আনহাতে, নাগালে ডাবলছতো অংশগ্ৰহণ কৰিছে ৷

প্ৰাগ অ'পেনত অংশগ্ৰহণ কৰা অন্য ভাৰতীয় খেলুৱৈসকল হৈছে দিবিজ চৰণ আৰু এন. শ্ৰীৰাম বালাজী ৷ দুয়োগৰাকীয়ে পৃথক পৃথক সংগীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব ৷

চলিত মাহৰ প্ৰথম ভাগতে নাগালে ইউএছ অ'পেন 2020 ৰ পুৰুষৰ ছিংগলছত পোনপটীয়া প্ৰৱেশ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, নিউয়ৰ্কত 31 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব ইউএছ অ'পেন ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে

Last Updated : Aug 20, 2020, 10:59 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.